ওদালগুৰিৰ পৰা ৰিজুল হক
ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱস শনিবাৰে পালন কৰা হয়।অসমৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাৰ্যসূচী মতে পুৱা ৮ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰে।শ্বহীদ তৰ্পন কৰাৰ পিছতে এখন সভাৰ আয়োজন কৰে। সভাত মুখ্য বক্তা হিচাপে বক্তব্য প্ৰদান কৰে ওদালগুৰি জিলা 'আমছু'ৰ উপ-সভাপতি ছাইদুৰ ৰহমানে।
সভাত উপস্থিত থাকে ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি,সম্পাদক আৰু অন্যান্য বিষয়ববীয়া।সভাত উপস্থিত থাকে ওদালগুৰি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক ৰাকিবুৰ ৰহমান,ছাইফুল ইছলাম, নুৰুল আমিন,শিক্ষা সম্পাদক নজৰুল ইছলাম,সাধাৰণ সম্পাদক আজিজুল হাকিম।
- Log in to post comments
- 19 views