ডবকাৰ প্ৰতিবেদক
ভয়াৱহ বানত ৰাজ্যবাসীৰ দুৰ্যোগৰ সময়ত সদৌ অসম কবি সন্মিলনে বানাক্ৰান্তসকলৰ ওচৰত থিয় দি কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ সকলো জিলা আৰু শাখা কবি সন্মিলনক আহ্বান জনাইছে ৷ সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া আৰু প্ৰধান সম্পাদক উজ্জ্বল পাওগামৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৯ জুলাইত হোজাই জিলা কবি সন্মিলনে যমুনামুখ সমষ্টিৰ চাৰ্লক ৰিজাৰ্ভত ১৮০ গৰাকী বানাক্ৰান্ত লোকৰ মাজত সাহায্য বিতৰণ কৰে।উল্লেখ্য যে শেহতীয়া নিখাৰী,কপিলী আৰু যমুনাৰ বানে ৰিজাৰ্ভ গাওঁখনৰ আটাইতকৈ বেছি ক্ষতিসাধন কৰিছে।হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুছ চুলতান, সম্পাদক জমিৰ উদ্দিন তালুকদাৰৰ নেতৃত্বত জিলা কবি সন্মিলনৰ এটা সঁজাতি দলে গাওঁখনৰ আক্ৰান্তসকলৰ কাষত থিয় দি এধানি সহায়ৰ হাত আগবঢ়ায়।বানাক্ৰান্তসকলৰ মাজত চাউল, দাইল, চিৰা, বিস্কুট আদি বিতৰণ কৰা হয়।
বান সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ডবকা শাখা কবি সন্মিলনৰ সভাপতি ৰফিক উদ্দিন, সম্পাদক জিয়া চৌধুৰী, জিলা কবি সন্মিলনৰ সহ সম্পাদক ছাদিকুজ্ জামান, কাৰ্যনিৰ্বাহক এনাম হুছেইন, শ্বহিদুল আলম, আইনুল হক চৌধুৰী আৰু আব্দুল মালিক ওজা ৷বান সাহায্য বিতৰণত স্থানীয় পৰ্যায়ত সহযোগ আগবঢ়ায় 'ডবাক' আলোচনীৰ সম্পাদক ইয়াহইয়া আহমেদ বৰভূঞা, তেওঁৰ পিতৃ মৌলানা আব্দুল লতিফ বৰভুঞাই ৷
- Log in to post comments
- 8 views