দলগাৱঁৰ প্ৰতিবেদক :
দৰঙত এতিয়াও উন্নত হোৱা নাই বান পৰিস্থিতিৰ। যিফালেই চোৱা যায় সিফালেই মাথো পানী আৰু পানী। নদী নহয়, যেন মহাসাগৰহে। ৰাজ্যজুৰি সৃষ্টি হোৱা এনে জল-প্ৰলয়ত দিশহাৰা হৈছে চৰ-চাপৰিত বাস কৰা বান প্ৰভাৱিত লোক সকল। দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ চৰ এলেকাটোৰ লগতে মংগলদৈ সমষ্টিৰ মাগুৰমাৰি,কলাইচৰ, আদি আশ্রয় শিবিৰত নাই কোনো চৰকাৰী সাহায্য। চৰকাৰী ফালৰ পৰা সামান্য ত্ৰিপাল,পশুধন খাদ্য দায় সাৰিছে দায়িত্ব । শিবিৰসমুহত ইত্তেহাদ ফ্ৰন্ট অসমৰ দৰং জিলা সমিতি, খাৰুপেটীয়া অসম ক্লাৱ, আদি একাংশ স্বেচ্ছাসেৱী সংগঠন বা অনুষ্ঠানৰ কৰ্ম-কৰ্তা সকলৰ লগতে একাংশ সচেতন ব্যক্তিয়েও বিস্কুট, চিৰা, মুড়ি, আদি বিতৰণ কৰিছে যদিও সেই খিনি পৰ্যাপ্ত হোৱা নাই।কালি কেইবাটাও আশ্ৰয় শিবিৰত দলগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলে শিশুৰ বাবে প্ৰয়োজনীয় খাদ্য, বিশুদ্ধ খোৱাপানী, মম আদি সামগ্ৰী বিতৰণ কৰে।
জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজৰ নেতৃত্বত দহজনীয়া সাংবাদিক দলটোৱে পুৱা ১০ বজাত ভুটভুটি নাৱেৰে ব্ৰহ্মপুত্ৰৰ সুঁতিৰে যাত্ৰা কৰি সাহাৰ্য্য সামগ্ৰী সমূহ বিতৰণ কৰে। দলগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিশ্বজিত ঘোষ,ব্যৱসায়ী ৰুদ্ৰ বাহাদুৰ চেত্ৰীয়ে উক্ত সাহায্য সামগ্ৰী সমূহ যোগান ধৰাৰ লগতে সাংবাদিকৰ দলটোৰ লগত উপস্থিত হৈ বানপীড়িত দুৰ্গত লোক সকলৰ অৱস্থাৰ বুজ লৈ মৰ্মাহত হয় । আজি কেইবাদিনো ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা তাণ্ডৱৰ পাছতো আজিকোপতি কোনো চৰকাৰী সাহায্য নোপোৱাত শিবিৰ সমূহত মানুহ আৰু জীৱ জন্তুয়ে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। বহু শিবিৰত এতিয়াও মুক্ত আকাশৰ তলত থাকিবলগীয়া হৈছে বানাক্ৰান্তই৷ ইফালে, স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে বানাক্ৰান্তৰ খবৰ লবলৈ যায় পৰ্যাপ্ত কোনো সাহায্য নিদিয়াত বন্যাৰ্তৰ একাংশই ক্ষোভ উজাৰিছে। মনকৰিবলগীয়া কথাটো যে, বিগত এসপ্তাহৰো বেছি দিন ধৰি বানত ককবকাই থকা বন্যাৰ্তক সহায় কৰিবলৈ কোনো চৰকাৰী বিষয়াই খবৰ নোলোৱা বুলি আমাক জানিবলৈ দিয়ে। এফালে পোহনীয়া জীৱ জন্তুৰ খাদ্যৰ অভাৱ আনফালে, নাই কোনো চিকিৎসা সেৱা, নাই এটুপাল বিশুদ্ধ খোৱাপানী । দলগাঁও প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজে দৰং জিলা প্ৰশাসনক অতিশীঘ্ৰেই বন্যাৰ্তৰ বাবে প্ৰয়োজনীয় সাহায্য যোগান ধৰিবলৈ আহবান জনোৱাৰ লগতে দলগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিশ্বজিত ঘোষ আৰু দলগাঁৱৰ ব্যৱসায়ী ৰুদ্ৰ বাহাদুৰ ছেত্ৰীৰ মহানুভৱতাৰ শলাগ লয়। সাংবাদিক সকলৰ এনে পদক্ষেপক বানপীড়িতই ভাল পাইছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। উল্লেখ্য যে বৰ্নাত্যসকলক পৰ্যাপ্ত পৰিমাণে সহায়ৰ হাত আগবঢ়াবলৈ সাংবাদিকৰ দলটোৱে জিলা প্ৰশাসনৰ লগতে চৰকাৰক আহ্বান জনায় ।
- Log in to post comments
- 9 views