জামুগুৰিহাটৰ যুৱ লেখক হিমাংশু ৰঞ্জন ভূঞা লৈ 'ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড' 

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

দেশৰ অনাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি 'ইণ্ডিয়া ষ্টাৰ বুক অফ ৰেকৰ্ড'য়ে দেশৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা নতুন প্ৰজন্মৰ ব্যক্তি সকলক প্ৰদান কৰা সন্মানীয় 'ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড' বঁটা এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ মাধৱ গাঁও নিবাসী যুৱ লেখক হিমাংশু ৰঞ্জন ভূঞাই ৷ হিমাংশু ৰঞ্জন ভূঞাই  বৰ্তমান সৰ্বশিক্ষা অভিযান মিচনৰ নদুৱাৰ শিক্ষাখণ্ডৰ নাগশংকৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে কৰ্মৰত হৈ থকাৰ উপৰিও ২০০৬ চনৰ পৰাই অসমৰ বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লেখা মেলা কৰি আহিছে ৷ তেওঁ "চিৰাজ দ্ৰৌপদী আৰু অন্যান্য গদ্য", "মোৰ প্ৰেয়সীৰ বিয়া", "জীয়াভৰলীৰ পলস", "সাম্প্ৰতিক সময়ৰ প্ৰাসংগিক চিন্তা" শীৰ্ষক চাৰিখন গ্ৰন্থ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে 'ইণ্ডিয়া ষ্টাৰ বুক অফ ৰেকৰ্ডে' য়ে প্ৰদান কৰা এই বঁটাত আছে প্ৰসংশা পত্ৰ, স্মাৰক আৰু এটা মেডেল ৷ হিমাংশুৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ ৮ গৰাকী নতুন প্ৰজন্মৰ ব্যক্তিয়ে বৰ্তমানলৈকে এই বঁটা লাভ কৰিছে ৷  হিমাংশু মাধৱ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক নলিনী ৰঞ্জন ভূঞা আৰু জুৰি ভূঞাৰ সু-পুত্ৰ ৷ তেওঁৰ এই বৃহৎ সফলতাক অঞ্চলবাসীৰ লগতে সকলোৱে ভূয়সী প্ৰশংসা কৰে ।

Your Comments