নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
জামুগুৰি । নগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত এখনি ইতিহাসপ্ৰসিদ্ধ স্থান । ইয়াৰেই "সাৰ্বজনীন গৰখীয়া থান" খনি প্ৰায় ৩৫০ বছৰ পুৰণি । এই থানতে প্ৰতিবছৰে "শৰাই এদিন" আৰু "গৰখীয়া সৱাহ" উৎসৱ উদযাপন কৰি আহিছে প্ৰতি শাওন মাহত । চলিত বৰ্ষত এই উৎসৱে ২৫ বছৰত পদাৰ্পণ কৰিলে । অহা ২০আৰু২১জুলাইত
দুদিনীয়া কাৰ্যসূচীৰে এই উৎসৱৰ আয়োজন কৰা হৈছে । ইতিমধ্যে গম্ভীৰ নাথক সভাপতি,ৰোহিত চন্দ্ৰ নাথক সম্পাদক,
প্ৰদীপ নাথক যুটীয়া সম্পাদক তথা নন্দেশ্বৰ নাথ,পোৱাল চন্দ্ৰ নাথ আৰু উৎপল বৰদলৈক সম্পাদক হিচাপে এখনি উৎসৱ উদযাপন সমিতি গঠন কৰা হৈছে । প্ৰকাশিত কাৰ্যসূচী অনুসৰি ২০জুলাই,শনিবাৰে পুৱা থানৰ মণিকূটত বন্তি প্ৰজ্বলনেৰে উৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ হ'ব । ইয়াৰ পাছতে পৰিবেশ নিকাকৰণ,
ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পণ,খোল-নাম প্ৰসংগ,ভাগৱত পাঠৰ অন্তত সমূহীয়া বন্তি প্ৰজ্বলন কৰা হ'ব । ২১ জুলাই,দেওবাৰে পুৱা ভাগৱত পাঠ সামৰণি, সেৱকীসকলৰ শৰাই উৰ্চগা, নাম-খোল প্ৰসংগৰ অন্তত দুপৰীয়া মহানাম আৰম্ভ হ'ব । বিয়লি মহানামৰ সামৰণিৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ'ব বুলি উদোক্তাসকলে জনাইছে ।
উল্লেখযোগ্য যে উৎসৱৰ সমূহ কাৰ্য্যসূচীৰ বাবে ৭৮৯৬৯৮৪২৫৩,৭৫৭৬৮৬৫২২৩,৯৪০১৭৫৮৭২৮আৰু ৭৩৯৯২৯৪৫৭৪এই নম্বৰত যোগাযোগ কৰিব পাৰিব ।
- Log in to post comments
- 25 views