বানত মৃত্যু হোৱা ভৱানীপুৰৰ যুৱক সিমান্ত দাসৰ বাসগৃহত ৰঞ্জিত দাস 

bajali

বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :

বজালীৰ ভৱানীপুৰত  অাজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে  বানত উটি মৃত্যু ঘটা যুৱক সিমান্ত দাসৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । লগতে সিমান্তৰ মাতৃৰ হাতত অসম চৰকাৰৰ তৰফৰ পৰা বানত মৃত্যু হোৱা পৰিয়াল বৰ্গলৈ প্ৰদান কৰা ১ লাখ টকাৰ চেক এখন অৰ্পন কৰে অাৰু পৰ্যায়ক্ৰমে ৰাজ্য অাৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৫ লাখ টকা প্ৰদান কৰা হ'ব বুলিও অৱগত কৰে । উল্লেখ্য যে বিজেপি সভাপতি গৰাকীৰ লগত প্ৰয়াত সিমান্ত দাসৰ বাসগৃহত উপস্থিত থাকে বৰপেটা জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ শৰ্মা , বজালী বিজেপি ৰ সভাপতি ফনী পাঠক সহিতে অঞ্চলটোৰ আন বহু লোকে ।  উল্লেখযোগ্য যে সিমান্ত দাসে যোৱা ১৩ জুলাইত ভৱানীপুৰৰ পহুমৰা নৈৰ বাঢ়নী পানীৰ সোঁতত উটি গৈ মৃত্যু মুখত পাৰিছিল ।

Your Comments