বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ কিছু উন্নতি,বৰ্তমানো বহু গাঁও বানৰ কৱলত

fani

বঙাইগাঁওঃ

বঙাইগাঁও জিলাৰ বান পৰিস্থিতি লাহে লাহে উন্নত হ'বলৈ ধৰিছে ৷ জিলাখনৰ বানৰ কৱলত পৰা প্ৰধান তিনিটা ৰাজহ চক্ৰ ক্ৰমে সৃজনগ্ৰাম,বইটামাৰী আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চলসমূহৰ বান পৰিস্থিতিৰ কিছু উন্নতি হৈছে ৷ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত বানৰ কৱলত পৰা অঞ্চলসমূহ ইতিমধ্যে বাঢ়নী পানীৰ কৱলৰ পৰা মুক্ত হৈছে ৷ অৱশ্যে পানী কমাৰ লগে লগে খহনীয়াৰ সমস্যা বৃদ্ধি পাইছে ৷ ফলত খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সংখ্যা বৰ্তমানলৈ ১১১ টালৈ বৃদ্ধি পাইছে ৷ এই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক এচডিআৰএফৰ নিয়ম অনুসৰি বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰা হৈছে ৷ ইপিনে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বানৰ কৱলত পৰা গাঁৱৰ সংখ্য পূৰ্বৰ ৮৪ খনৰ বিপৰীতে বৰ্তমান ৬৮ খনলৈ হ্ৰাস পাইছে ৷ কিন্তু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চলৰ বান পৰিস্থিতি অপৰিবৰ্তিত অৱস্থাতে আছে ৷

জিলা প্ৰশাসনৰ তৰফৰ পৰা সৃজনগ্ৰাম ৰাজহ চক্ৰত ছয়টাকৈ সাহায্য কেন্দ্ৰ আৰু বইটামাৰী ৰাজহ চক্ৰত ন টাকৈ সাহায্য শিবিৰ স্থাপন কৰি বানাক্ৰান্তসকললৈ সহায় আৰু প্ৰয়োজনীয় সাহায্য আগবঢ়াই আছে ৷ আনহাতে ৰাজহ চক্ৰ দুটাৰ অন্তৰ্গত বহু কৃষি ভূমি জলমগ্ন হৈয়ে আছে ৷ জিলা কৃষি বিষয়াই প্ৰকাশ কৰা তথ্য মতে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২,২১০ হেক্টৰ আৰু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৩২৭ হেক্টৰ কৃষি ভূমি জলমগ্ন হৈ আছে ৷ জিলাখনৰ বিভিন্ন অঞ্চল বানৰ কৱলৰ পৰা মুক্ত হৈ অহাৰ লগে লগে বানত হোৱা ক্ষয় - ক্ষতিৰ জৰীপ আৰম্ভ হৈছে ৷ এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ ৯ টা মথাউৰী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৩৭ টা পথ আৰু ১৩ খন দলং কম- বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৷ সেইদৰে ৩৫ খন বিদ্যালয়, ২৯ টা স্বাস্থ্য কেন্দ্ৰ আৰু ৪৬ টা অংগনবাড়ী কেন্দ্ৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ উল্লেখ্য যে বৰ্তমান আই আৰু আই- মানাহ নৈৰ জলস্তৰ বিপদ সীমাৰ তলেৰে বৈ আছে ৷ অৱশ্যে ব্ৰহ্মপুত্ৰ নৈৰ জলস্তৰ বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰেই বৈ আছে ৷

fani ইপিনে বানত মৃত্যু হোৱা জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত মালেগড় তৃতীয় খণ্ডৰ পৱিত্ৰ দাস ওৰফে দয়াল দাসৰ পৰিয়ালক আজি চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷ এই চাৰি লাখ টকাৰ আৰ্থিক সাহায্যৰ ভিতৰত এক লাখ টকা মৃত পৱিত্ৰ দাসৰ পত্নী ভাগ্যশ্ৰী দাসক আৰু বাকী আন তিনিগৰাকী কন্যাৰ নামত এক লাখকৈ টকাৰ চেক প্ৰদান কৰা হয় ৷ উল্লেখ্য যে তিনি কন্যাৰ নামত এই টকা ফিক্স ডিপোজিত হিচাপে বেংকত জমা থাকিব আৰু তেওঁলোকৰ ওঠৰ বয়স বছৰ হ'লেহে সেই টকা উলিয়াব পাৰিব ৷ আজি আবেলিৰ ভাগত মালেগড়ৰ এল পি স্কুল শিবিৰত ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো, জিলা উপায়ুক্ত আদিল খান আদি উপস্থিত হৈ পৰিয়ালটোৰ সদস্যসকলক এই আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে ৷ যোৱা বুধবাৰে নিশা প্ৰায় ৭ঃ ৪৫ মান বজাত নিজ ঘৰৰ পৰা মালেগড় বজাৰলৈ বুলি গৈ গৰকাপ্তানী পথেৰে গৈ থকা অৱস্থাত বানপানীৰ প্ৰৱল সোঁতে পৱিত্ৰ দাস ওৰফে দয়াল দাসক উটুৱাই  লৈ যোৱাত মৃত্যুমুখত পৰিছিল ৷ 

Your Comments