মৰিগাঁৱৰ বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ জিলা প্ৰশাসনৰ ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান

morigoun

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

মৰিগাঁৱত ব্ৰক্ষ্মপুত্ৰ বানে সৃষ্টি কৰা ভয়াৱহ বানত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰতিৰোধ বিভাগৰ বিশেষ পূঁজিৰ অধীনত আজি মৰিগাঁও জিলা প্ৰশাসনে বানত মৃত্যুক সাবটি লোৱা লোকসকলৰ পৰিয়ালসমূহলৈ আৰ্থিক সাহায্য মোকলাই দিয়ে। বানত মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়াল সমূহে লাভ কৰিব ৪ লাখকৈ টকা। সেই অনুসৰি যোৱা ১৭ জুলাইত ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীত মৃত্যু হোৱা মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গছৰগুৰি গাঁৱৰ হোমেশ্বৰ ডেকাৰ গৃহত উপস্থিত হয়গৈ জিলা প্ৰশাসনৰ লোক। দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰা জিলা প্ৰশাসনে মৃত ডেকাৰ পত্নীৰ হাতত আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। জিলা প্ৰশাসনে আগবঢ়োৱা ৪ লাখ টকাৰ চেক আনুষ্ঠানিকভাবে প্ৰদান কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।

 এই চেক প্ৰদান অনুষ্ঠানত মৰিগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতীকে আদি কৰি স্থানীয় বহু কেইজন লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে হোমেশ্বৰ ডেকাই বানৰ পৰা ৰক্ষা পাবলৈ পুত্ৰক মোমায়েকৰ ঘৰত থৈ ঘৰলৈ ওভতি আহোতেই বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। ইয়াৰ পিছতেই বানত মৃত্যু হোৱা মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এজাবাৰী গাঁৱৰ বিষ্ণু ডেকা পৰিয়ালকো জিলা প্ৰশাসনে ৪ লাখ টকাৰ চেক প্ৰদান কৰে।

Your Comments