লংকাৰ পৰা মনোজ কুমাৰ পাঠক
শুক্ৰবাৰে হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰে। সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ লগতে আছু সহ কেইবাটাও দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। যোৱা ২ জুলাইত হোজাইৰ দেৱস্হানত সংঘটিত মাধৱ মালাকাৰৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দল সংগঠনসমূহে। প্ৰতিবাদকাৰীসকলে হোজাই উপায়ুক্তৰ ওচৰত হত্যাকাৰীক শাস্তি প্ৰদানৰ লগতে মাধৱ মালাকাৰৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰি উপাযুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে |
উল্লেখ্য যে, ২ জুলাইত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নিবাসী মাধৱ মালাকাৰ নামৰ ব্যৱসায়ী এজনক হোজাই জিলাৰ দেৱস্হানত নিজৰ দোকানৰ ভিতৰতে নৃশংসভাৱে ডিঙি কাটি হত্যা কৰিছিল কোনো দুৰ্বৃত্তই।
- Log in to post comments
- 7 views