'সমগ্ৰ অসম আজি ভয়াৱহ বানত আক্ৰান্ত হৈ থকাৰ সময়তো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি তোষামোদৰ ৰাজনীতি কৰি থকাটো অতি লজ্জাজনক বিষয়।সোণোৱাল চৰকাৰৰ মতে,ৰাজ্যত মজুত আছে পৰ্যাপ্ত পুঁজি।এনেক্ষেত্ৰত বানাক্ৰান্তই অনাহাৰত থাকিবলগা হৈছে কিয়? বান সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক সোণোৱাল চৰকাৰে বৰ্তমানলৈও কোনো আঁচনি তথা প্ৰস্তাৱ নিদিয়াটোত চৰকাৰখনৰ জনবিৰোধী চৰিত্ৰ স্পষ্ট হৈ পৰিছে। ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ বাবে ২০১৯-২০ বৰ্ষত আৱণ্টিত ৫৫৯ কোটি টকাৰ ২৫১.৫৫ কোটি টকা মুকলি কৰি দিয়াক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বাহ্ বাহ্ ল’ব বিচৰাটো অসমবাসীৰ বাবে অতি অপমানজনক।'আজি অসম সংগ্ৰামী মঞ্চৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত উপৰোক্ত ধৰণেৰে মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰক অন্য ৰাজ্যসমূহত দিয়াৰ দৰে অসমক ৫,০০০ কোটি টকাৰ এককালীন সাহায্য দিবলৈ আহ্বান জনাই মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে।সংবাদমেলখনত সংগ্ৰামী মঞ্চৰ নেতৃত্বই বানাক্ৰান্ত ৰাইজক সকলো স্তৰৰ পৰ্যাপ্ত পৰিমাণৰ সাহায্য দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।অসমৰ কৃষকসকলৰ কৃষি ঋণ মাফ কৰি দিয়াৰ লগতে বিনামূলীয়াকৈ মাটি চহোৱা আৰু কঠীয়া দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।
সংগ্ৰামী মঞ্চই ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি পূৰ্ণ পৰ্যায়ৰ সহযোগ কৰিবলৈ দাবী জনায়।এই প্ৰসংগত প্ৰবল জনমত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।সংবাদমেলখনত ফুকনে কয় যে বিদেশীক স্বদেশী কৰাৰ স্বাৰ্থত অসম চুক্তিৰ ৫.৮নং দফা নস্যাৎ কৰি ১৯৭১ চনৰ পিছত অসমলৈ অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি দলৰ সিদ্ধান্ত সম্পূৰ্ণ বাতিল কৰা বুলি ঘোষণা নকৰা পৰ্যন্ত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ তৎপৰতা এক ৰাজনৈতিক প্ৰহসন।১ জুলাই তাৰিখে ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট ভাষাৰে ঘোষণা কৰিছে যে, ‘হিন্দু শৰণাৰ্থীৰ বাবে চৰকাৰ দায়বদ্ধ আৰু সেয়েহে চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিব৷’ অসম চুক্তিৰ মূল উদ্দেশ্যক আঘাত কৰি ৬নং দফা ৰূপায়ণৰ স্বাৰ্থত গঠন কৰা সমিতি অসমবাসীক আঁভুৱা-ভৰা পদক্ষেপ-ফুকনে মন্তব্য কৰে।সংবাদমেলখনত অসম সংগ্ৰামী মঞ্চৰ নেতৃত্বই কয়-'ৰাজ্যৰ প্ৰতিটো খণ্ডৰ প্ৰতিটো বিভাগত নিয়োগ তথা সংস্থাপনৰ ক্ষেত্ৰখনত বিষয়া পৰ্যায়ত ৮০ শতাংশ আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত ১০০ শতাংশ ৰাজ্যখনৰ থলুৱা যুৱক-যুৱতীৰ বাবে সংৰক্ষিত হ’ব লাগিব। প্ৰয়োজন সাপেক্ষে যুৱক-যুৱতীসকলক দক্ষ কৰাৰ ব্যৱস্থা কৰি ল’ব লাগিব। কিন্তু আসন সংৰক্ষণৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব। প্ৰতিটো চাকৰিৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাত ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ ৰাজ্যভাষাৰ প্ৰশ্ন বাধ্যতামূলক হ’ব লাগিব।
ৰাজ্যৰ প্ৰতিটো ক্ষেত্ৰত অসমীয়া, জনজাতীয় আৰু ইংৰাজী ভাষাৰ বাহিৰে অন্য ভাষাৰ প্ৰভূত্ব তথা আগ্ৰাসন সমৰ্থনযোগ্য নহ’ব। এইক্ষেত্ৰত চৰকাৰ আৰু অপশক্তিসমূহে গ্ৰহণ কৰিব বিচৰা কোনো পদক্ষেপকে সহ্য কৰা নহ’ব। কেৱল বৰাক উপত্যকাৰ তিনিখন জিলাত ইতিমধ্যেই প্ৰচলন হৈ থকা বাংলা ভাষাৰ প্ৰচলন গ্ৰহণযোগ্য হ'ব।'আজিৰ সংবাদমেলত অসম সংগ্ৰামী মঞ্চৰ উপ-সভাপতি বিমল প্ৰসাদ চৌধুৰী, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু সমৰজ্যোতি বেজবৰুৱাও উপস্থিত থাকে৷
নাগৰিকত্ব আইন সংশোধনীৰ জৰিয়তে বিদেশীক স্বদেশী কৰাৰ মোডী চৰকাৰৰ পূৰ্বৰ সিদ্ধান্তক পুনৰ কাৰ্যকৰী কৰাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰস্তুতি প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰে জটিলতাৰ সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে। এনআৰচিত যাতে ১৯৭১ চনৰ পিছত বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশীসকলৰ নাম সন্নিবিষ্ট কৰি ল’ব পাৰে, তাৰবাবে পূৰ্ণাংগ নাগৰিকপঞ্জী প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতি কৌশলেৰে মাননীয় ৰাষ্ট্ৰপতিগৰাকীকো জড়িত কৰি লৈছে। পূৰ্ণাংগ এনআৰচি প্ৰকাশৰ সময়সীমা বৃদ্ধিৰ বাবে দিল্লী আৰু দিছপুৰৰ চৰকাৰে তৎপৰতা প্ৰদৰ্শন কৰাটোত গভীৰ ষড়যন্ত্ৰ লুকাই আছে বুলি সংবাদমেলত সংগ্ৰামী মঞ্চই অভিহিত কৰে। এখন শুদ্ধ এনআৰচি সকলো স্তৰৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ ঊৰ্ধ্বত গৈ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মাননীয় উচ্চতম ন্যায়ালয়ে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগ্ৰামী মঞ্চই আবেদন জনায়।আনহাতে,
শৰণাৰ্থীৰ নামত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ লক্ষ্যৰে দীৰ্ঘম্যাদী ভিছা দিবলৈ অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশক তীব্ৰ প্ৰতিবাদ জনায় সংগ্ৰামী মঞ্চই। ইয়াৰ প্ৰতিবাদত সংগ্ৰামী মঞ্চই যিকোনো সময়ত, যিকোনো প্ৰতিবাদী সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে।
২,০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকা অৱস্থাতে নৰেন্দ্ৰ মোডী চৰকাৰে আন এটা বৃহৎ জলবোমা সদৃশ ২,৮৮০ মেগাৱাট দিবাং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় প্ৰবাহ লাইনেৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কেৱল বিদ্যুৎ লৈ যোৱাৰ লক্ষ্যৰে অসমবাসীক এক ভয়ংকৰ ভৱিষ্যতলৈ ঠেলি দিব ওলাইছে বিজেপি চৰকাৰে। দেশৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাৰ ২৭৮ মিটাৰ বান্ধৰ এই জলবিদ্যুৎ প্ৰকল্প অসমবাসীৰ বাবে কেতিয়াও সমৰ্থনযোগ্য নহয়। দিবাং উপত্যকাৰ নামনি অসমৰ অঞ্চলসমূহৰ জনগণৰ লগত কোনো আলোচনা নকৰাকৈ, বিজ্ঞানসন্মত দিশসমূহ ৰাজহুৱা নকৰাকৈ মৃত্যুৰ বিভীষিকাস্বৰূপ এই সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম সংগ্ৰামী মঞ্চই।
সংবাদমেলত অসমৰ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীক দৰমহা বা আন বিত্তীয় সাহায্য প্ৰদান কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি গধুৰ উদ্যোগ মন্ত্ৰী অৰবিন্দ গণপট সাৱন্তে লোকসভাত কোৱা বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জনায় অসম সংগ্ৰামী মঞ্চই। কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব নিবিচৰাটোত সংগ্ৰামী মঞ্চই ক্ষোভ প্ৰকাশ কৰি এইক্ষেত্ৰত প্ৰবল প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৮ চনৰ ২৭ আগষ্টত কৰ্মচাৰীসকলৰ বকেয়া দৰমহাৰ এটা অংশ ৯০ কোটি টকা দুয়োখন সদনত অনুমোদন জনাইছিল। শ্ৰমিকৰ প্ৰাপ্য ধন মোডী চৰকাৰে অন্য শিতানলৈ নি এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰাপ্য দৰমহাৰ ক্ষেত্ৰত ওলোটা খৰ মৰাত সংগ্ৰামী মঞ্চই তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে তৎকালে সেই ধন শ্ৰমিকৰ বাবে মুকলি কৰি দি কল দুটা পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে।আজিৰ সংবাদমেলত অসম সংগ্ৰামী মঞ্চৰ উপ-সভাপতি বিমল প্ৰসাদ চৌধুৰী, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু সমৰজ্যোতি বেজবৰুৱাও উপস্থিত থাকে৷
- Log in to post comments
- 32 views