সমগ্ৰ ৰাজ্যতে এতিয়া ভয়াৱহ বান পৰিস্থিতি।বৰপেটা জিলাত বান পৰিস্থিতিৰ আজিও উন্নতি ঘটা নাই।এনে সময়তে বানপীড়িতক কিছু সকাহ দিবলৈ বৰপেটাৰোডস্থিত মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান আৰু কলা শাখাৰ ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান 'গ্লোবেল ইনষ্টিটিউট'ৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণ কৰে।
গ্লোবেল ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ব্যক্তিগতভাৱে দান-বৰঙণি আগবঢ়াই বানাক্ৰান্তলৈ সাহায্য আগবঢ়ায়।গ্লোবেল ইনষ্টিটিউটৰ বিদ্যাৰ্থীসকলে টুলুঙা নাৱেৰে প্ৰায় দুশ বানাক্ৰান্ত পৰিয়ালৰ ঘৰে ঘৰে চাউল,দাইল,নিমখ,খোৱাপানী আদি বিতৰণ কৰে।বানাক্ৰান্ত পৰিয়ালসমূহলৈ সাহায্য বিতৰণত অভিনেত্ৰী পাকিজা হাচমিয়েও সহযোগিতা আগবঢ়ায়।অভিনেত্ৰী হাচমিয়ে
কয় যে বানত আক্ৰান্ত মানুহৰ পৰিস্থিতি অত্যন্ত হৃদয়বিদাৰক।চৰকাৰৰ লগতে শিল্পী,কলা-কুশলী,আৰ্থিকভাৱে সমৰ্থৱান লোকক বানত বিপদগ্ৰস্ত লোকৰ ওচৰত থিয় দিবলৈ তেওঁ আহ্বান জনায়। অভিনেত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ মাজত সহায়ৰ হাত আগবঢ়োৱা গ্লোবেল ইনষ্টিটিউটৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী সঞ্চালক আশ্ৰফ আলী,ছাত্ৰ -ছাত্ৰীৰ মানৱদৰদী পদক্ষেপ আগলৈ অব্যাহত থাকিব বুলি আশা কৰে।
পালহাজি আঞ্চলিক কলেজৰ অধ্যক্ষ মজিবুৰ ৰহমান, ৰছুলপুৰৰ নুৰুল হক,আবিদা খাতুন,সাংবাদিক ক্ৰমে মইনুল হক চৌধুৰী, আবুল হুছেইন, ছাইফুল ইছলাম, ছফিকুল ইছলাম উপস্থিত থাকি সাহায্য প্ৰদানত সহায় কৰে।
- Log in to post comments
- 3 views