শিৱসাগৰত ২৮ আৰু ২৯ জুলাইত সদৌ অসম শিশু নাট সমাৰোহৰ আয়োজন

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদনঃ

শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৃত, ৰংমন, খোজ, যুগান্তৰ, বিহু সুৰক্ষা সমিতি,অসম আৰু মাহেকীয়া বাৰ্তালোচনী  ৰংপুৰ বাৰ্তাৰ সহযোগত আয়োজন কৰিবলৈ লোৱা হৈছে অষ্টম বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহ।  শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত নাট্য মন্দিৰত অহা ২৮ আৰু ২৯ জুলাই, ২০১৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া উক্ত শিশু নাট সমাৰোহত অসমৰ বহু কেইটা দলে অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। এই প্ৰতিযোগীতাত বিজয়ী দলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব।  প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত নাট্য দলক ক্ৰমে ২২,০০০,  ১২,০০০ আৰু ৭,০০০ টকা প্ৰাইজমানি দিয়াৰ লগতে শৃংখলাবদ্ধ নাট্য দলক ৫,০০০ টকা আৰু বিচাৰকৰ বিশেষ সন্মান হিচাপে পাঁচটা নাট্য দলক ৩,০০০ টকাকৈ আগবঢ়োৱা হ’ব বুলিও জানিবলৈ দিয়ে শিৱসাগৰ নাট্য বিদ্যালয়ৰ সম্পাদক জিতুজ্যোতি গায়ন আৰু আকাশ দুৱৰীয়ে। sib

বিগত বছৰৰ দৰে এই বছৰো সদৌ অসম শিশু নাট সমাৰোহত 'সৌৰভপ্ৰাণ শিৱসাগৰ'  বঁটা প্ৰদান কৰা হ'ব। ২০১৯ বৰ্ষৰ সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা শিৱসাগৰ সমাজ আৰু সাংস্কৃতিক জীৱনলৈ বিশেষ বৰঙণি আগবঢ়াই অহা বিশিষ্ট শিক্ষাবিদ তথা সমাজ কৰ্মী হাচনা আৰা বেগমক প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি প্ৰশান্ত বৰগোহাঁই আৰু মৃতুল চেতিয়া পাতৰৰ সম্পাদনাত অংকুৰণ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হব। 

নাট সমাৰোহৰ সন্দৰ্ভত যিকোনো বিষয় বা সবিশেষ জানিবলৈ ৮৬৩৮২৮৮৯৭২, ৯৪৩৫২৬৩৭৮০, ৯৯৫৪৯৮৬৫৩৬, ৯৪৩৫৫১৬৩৩০, ৯৯৫৪২৩৭০৪২, ৭০০২৭১৪৮৯৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Your Comments