বাক্সাৰ পৰা আমিনুল হকৰ প্রতিবেদন :
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰি থাকাৰ সময়তে বৰপেটা ৰোডৰ কাটাঝাৰৰ এজন শিক্ষিত যুৱক জিতুল হুছেইনৰ নেতৃত্বত এটা সজাতি দলে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ খবৰ লোৱাৰ লগতে কিছু খাদ্য সামগ্ৰীয়ো বিতৰণ কৰে।
বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত ওদালগুৰী-বালিপুৰ চৰ আৰু বৰপেটা জিলাৰ ধানবান্দা আৰু উত্তৰ বৰপেটা কলেজৰ সমীপৱৰ্তী স্থানকে আদি কৰি ধৰি কেইবাটায়ো বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি ভূক্তভোগীৰ ৰাইজৰ খবৰ লয়। সজাতি দলটোৱে বানাক্ৰান্ত ৰাইজৰ মাজত ব্ৰেড বিস্কুট চিৰা চেনি আৰু পানীৰ বটল আদিও বিতৰণ কৰে।
- Log in to post comments
- 9 views