শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :
কাছাৰ জিলাৰ কাটিগৰাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিলে কাটিগৰা মহিলা সমিতিৰ কৰ্মকৰ্তাসকলে।বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰাকৰ কাটিগৰা বিধান সভা সমষ্টিৰ বানকবলিত কেইবাখনো গাওঁ পৰিদৰ্শন কৰি ৰাইজৰ দুৰ্দশাৰ বুজ লয় কাটিগৰা মহিলা সমিতিৰ সভানেত্ৰী জমিলা বেগমে সহিতে এটা সজাতি দলে।কাটিগৰাৰ গুমৰা,জলালপুৰ,সেউতি,কালাইন, নাতানপুৰ,বৰইতলিকে ধৰি কেইবাখনো গাঁৱলৈ গৈ মানুহৰ দুৰ্দশাৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ দাবী জনাব বুলি ৰাইজক জানিবলৈ দিছে মহিলা নেত্ৰী গৰাকীয়ে।
আনহাতে, ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলক সমালোচনা কৰি ৰাইজে সাংবাদিকৰ আগত কয়,কোনেও তেওঁলোকক চাবলৈ অহা নাই। কলা হীৰাৰ ছিণ্ডিকেটতৰ নামতে ৰাজনৈতিক নেতা সকলে ৰাতিক দিন কৰি ফুৰিলেও বানাক্ৰান্ত লোকৰ খবৰ লবলৈ তেওঁলোকৰ আহৰি নাই কোনেও বুলি অভিযোগ উখাপন কৰে।
- Log in to post comments
- 24 views