বঙাইগাঁও জিলা উপায়ুক্ত আৰু ইণ্ডিয়ান অয়েল কৰ্পৰেচন লিমিটেডৰ মাজত স্বাক্ষৰিত হ'ল ৪০ লক্ষ টকাৰ বুজা বুজিৰ চুক্তিপত্ৰ 

bgn

বঙাইগাঁওঃ

ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডই সমিলমিলেৰে কাম কৰি উন্নয়নৰ গতি তীব্ৰতৰ কৰি তোলাৰ ওপৰত নিটি ( NITI) আয়োগে গুৰুত্বাৰোপ কৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি বঙাইগাঁও জিলা প্ৰশাসন আৰু  ইণ্ডিয়ান অয়েল কর্পৰেচন লিমিটেড(IOCL)ৰ মাজত ৪০ লক্ষ টকাৰ এক বুজাবুজিৰ চুক্তিপত্ৰ স্বাক্ষৰিত হয়। অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ উপস্থিতিত বঙাইগাঁও জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত আদিল খান আৰু ইণ্ডিয়ান অয়েল কর্পৰেচন লিমিটেডৰ তৰফৰ পৰা সংস্থাটোৰ হৈ অসম সংমণ্ডলৰ পৰিচালক (আইন) কমল কুমাৰ গোস্বামীয়ে এই চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই স্বাক্ষৰিত পত্ৰৰ চুক্তি অনুসৰি ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডে সামাজিক দায়বদ্ধতা শিতানৰ ( CSR) অধীনত জিলাখনৰ বীৰঝৰা ছোৱালী হাইস্কুলৰ চৌহদত ল'ৰা - ছোৱালী আৰু শিক্ষক- শিক্ষয়িত্ৰীৰ বাবে সুকীয়াকৈ প্ৰশ্রাৱগাৰ(Toilet)আৰু মধ্যাহ্ন ভোজনৰ  ডাইনিং হ'ল নির্মাণৰ বাবে প্ৰয়োজনীয় আৰ্থিক অনুদান আগবঢ়াব। এই বহু প্ৰত্যাশিত  প্রকল্পৰ আনুমানিক ব্যয় ৪০ লাখ ধার্য কৰা হৈছে ৷ তাৰে ভিতৰত প্ৰশ্ৰাৱগাৰ নিৰ্মাণৰ বাবে ১৯ লাখ টকা আৰু ডাইনিং হ'ল নিৰ্মাণৰ বাবে ২১ লাখ টকা ধাৰ্য কৰা হৈছে ।

এই চুক্তিপত্ৰ অনুসৰি ইণ্ডিয়ান অয়েল কৰ্পৰেচন লিমিটেডৰ দায়িত্ব কেৱল আৰ্থিক সাহায্য আগবঢ়োৱাতে সীমাবদ্ধ থাকিব ৷ আনহাতে বাকী প্রকল্প ৰূপায়ণ তথা অন্যান্য কাম কাজ চোৱা চিতাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন সম্পূর্ণৰূপে দায়বদ্ধ থাকিব ৷ উল্লেখ্য যে স্বচ্ছ ভাৰত মিছনৰ গুৰুত্ব উপলব্ধি কৰি জিলাখনৰ অনাময় ব্যৱস্থাৰ আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে যৌথ ভাৱে কাম কৰাৰ উদ্যোগ লৈ আগবাঢ়ি অহাৰ বাবে উপায়ুক্ত আদিল খানে ব্যক্তিগত খণ্ডৰ এই সংস্থাটোক ধন্যবাদ জ্ঞাপন কৰে। লগতে সামাজিক দায়বদ্ধতা শিতানৰ জৰিয়তে উন্নয়নৰ গতি তৰান্বিত কৰাত এনে পদক্ষেপ কার্যকৰী পদ্ধতি হিচাবে প্রমাণিত হৈছে বুলিও কয় ।  উপায়ুক্ত গৰাকীয়ে লগতে ব্যক্তিগত খণ্ডৰ তৰফৰ পৰা ভৱিষ্যতেও এনে বহু সমাজ কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি থাকিব বুলি আশা ব্যক্ত কৰে

Your Comments