বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ কিছু উন্নতি : বৰ্তমানো বানৰ কৱলত আছে ডেৰ শতাধিক গাঁও

bgn

বঙাইগাঁওঃ 

দুদিন আগলৈকে এক সপ্তাহ ধৰি একেৰাহে হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলস্বৰূপে নদীসমূহৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত বঙাইগাঁও জিলাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ ক্ৰমান্বয়ে কিছু উন্নত হ'বলৈ ধৰিছে । বৰ্তমান অৱস্থাত মহাবাহু ব্ৰহ্মপুত্ৰক বাদ দি জিলাখনৰ মাজেৰে বৈ যোৱা আন দুখন মুখ্য নদী আই আৰু আই- মানাহৰ জলপৃষ্ঠ বৰ্তমান বিপদ সীমাৰ তলেৰে বৈছে। অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ এতিয়াও বিপদ সীমাৰ ওপৰে বৈ আছে যদিও ই আগতকৈ কিছু নিম্নগামী হোৱা দেখিবলৈ পোৱা গৈছে ৷ যিটো বানপীড়িত সকলৰ বাবে এটা ভাল খবৰ। যোৱা দুদিন ধৰি ফৰকাল বতৰেৰে প্ৰকৃতি জিলাখনৰ ক্ষেত্ৰত কিছু সদয় হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ, বিশেষকৈ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চল সমূহৰ বান পৰিস্থিতিৰ কিছু পৰিৱৰ্তন আহিছে।বিজনী অঞ্চলৰ জলমগ্ন গাঁওসমূহ লাহে লাহে জলমুক্ত হবলৈ আৰম্ভ কৰিছে তথা বানপীড়িত সকলৰ জীৱনলৈ ক্ৰমান্বয়ে কিছু স্বভাৱিকতা  আহিবলৈ ধৰিছে। কিন্তু যদিও যোৱা দুদিন ধৰি বৰষুণৰ প্ৰকোপ জিলখনত বন্ধ হৈছে, তথাপিতো জিলাখনৰ কিছুমান অঞ্চল বিশেষকৈ সৃজনগ্ৰাম আৰু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গাওঁসমূহ এতিয়াও বানৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাই। ইপিনে দুৰ্ভাগ্যজনকভাৱে বৃহস্পতিবাৰে সৃজনগ্ৰাম ৰাজহ চক্ৰ এলেকাৰ অন্তৰ্গত মালেগড় গাঁৱৰ দয়াল দাস নামৰ এজন ৩৫ বছৰ বয়সীয়া লোকৰ পানীত ডুবি মৃত্যু মুখত পৰা বুলি খবৰ আহিছে ।bgn2

লোকজনে বুধবাৰে নিশা ৭ঃ ৪৫ মান বজাত ঘৰৰ পৰা মালেগড়ৰ বজাৰলৈ যোৱাৰ সময়ত বাঢ়নী পানীৰ প্ৰৱল সোঁতত উটি যোৱা মৃত্যু মুখত পৰে ৷ মৃতদেহটো বৃহস্পতিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় ৷  অৱশ্যে কোনো পশুধন নষ্ট হোৱাৰ বা বানে উটুৱাই নিয়াৰ এতিয়ালৈকে কোনো খবৰ পোৱা নাই । ইপিনে বানৰ লগতে বানৰ পিছত দেখা দিয়া গঢ়াখহনীয়াৰ সমস্যাইও জিলাখনক জুৰুলা কৰি তুলিছে। বৰ্তমানলৈ বঙাইগাঁও জিলখনত নৈৰ গঢ়াখহনীয়াত চাৰিখন প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হোৱাৰ লগতে আন এঘাৰখন হাইস্কুল আংশিক ভাৱে ক্ষতিগ্ৰস্ত হৈছে । বিজনীত ৰাজহ চক্ৰৰ অঞ্চলসমূহত বাঢ়নী পানী লাহে লাহে কমিবলৈ ধৰিছে যদিও সৃজনগ্ৰাম আৰু বইটামাৰী ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলসমূূূহৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত অৱস্থাতেই আছে । এতিয়াও সৃজনগ্ৰামৰ ৮৪ খন আৰু বইটামাৰীৰ ৬৫ খন গাঁও বানৰ কৱলত আছে ৷ বানত প্লাৱিত হৈ থকা এই সকলোবোৰ ঠাইতেই সাহায্য কেন্দ্ৰ আৰু সাহায্য শিবিৰ সমূহৰ জৰিয়তে জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সূচী অনুসৰি বিভিন্ন অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী যেনে- চাউল, দাইল, নিমখ, মিঠাতেল আদি বিলাই থকাৰ উপৰিও তিৰপাল, হেল'জেন টেবলেট, শিশু আৰু মাতৃ সকলৰ প্ৰতি জনকেই দুপেকেটকৈ আমূল তাজা গাখীৰ আৰু বিস্কুত ইত্যাদি বিতৰণ কৰি থকা হৈছে।

সৃজনগ্ৰাম আৰু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্তমানেও বানাক্ৰান্ত পৰিয়াল সমূহে যাতে কোনো আসোঁৱাহ নোহোৱাকৈ সাহায্য সামগ্ৰীসমূহ সময়মতে পায় তাৰ প্ৰতি লক্ষ্য ৰাখি তথা সৃজনগ্ৰাম আৰু বইটামাৰীৰ অপৰিৱৰ্তিত বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি সৃজনগ্ৰাম ৰাজহ চক্ৰত সাহায্য কেন্দ্ৰৰ সংখ্যা ৩৫ টালৈ বৃদ্ধি কৰা হৈছে আৰু ৫ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে ৷ ঠিক সেইদৰে বইটামাৰী ৰাজহ চক্ৰতো সাহায্য শিবিৰৰ সংখ্যা ৮টালৈ বৃদ্ধি কৰা হৈছে। বিজনীৰ বান পৰিস্থিতি কিছু উন্নত অৱস্থালৈ আহিছে যদিও প্লাৱিত হৈ থকা গাঁওসমূহ এতিয়াও বানৰ কৱলৰ পৰা সম্পূর্ণৰূপে মুক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত তাতো একে ধৰণৰ সাহায্য বিতৰণ এতিয়াও অব্যাহত আছে ৷

জিলা প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িত বঙাইগাঁও জিলাবাসী ৰাইজৰ স্বাভাৱিক জীৱন ধাৰণৰ গতি ঘূৰাই অনাৰ বাবে চেষ্টা অব্যাহত আছে। সেইদৰে বিভিন্ন সাহায্য সেৱাৰ লগতে সমান্তৰালকৈ এচডিআৰএফ, এনডিআৰএফ তথা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা উদ্ধাৰ অভিযান সমূহ চলাই থকা হৈছে। ইতিমধ্যে জিলাখনত নিয়োজিত হৈ থকা ২৬ টা চিকিৎসকৰ দলেও অহৰ্নিশে বানপীড়ি সকলক প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই আছে বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা প্ৰেৰিত এক প্ৰেছ বাৰ্তাত উল্লেখ কৰিছে ৷

Your Comments