বইটামাৰীৰ শিক্ষক সমাজকৰ্মী অক্ষয় মিশ্ৰৰ মৃত্যু

aagar tumi

বইটামাৰীৰ প্ৰতিবেদক :

বঙাইগাওঁ  জিলাৰ বইটামাৰী অঞ্চলৰ আমগুৰী গাৱঁৰ শিক্ষক তথা সমাজকৰ্মী অক্ষয় মিশ্ৰ ( ৫৫ )ৰ বুধবাৰে নিশা মৃত্যু হয় । জানিব পৰা মতে , কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ থকা অক্ষয় মিশ্ৰক কেইদিনমান পূৰ্বে বঙাইগাৱঁৰ লৱাৰ আছাম হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰায় যদিও কালি নিশা ৮ মান বজাত চিকিৎসালয়তে মৃত্যু হয় । কালি নিশায়েই নশ্বৰদেহ বাসগৃহলৈ আনে আৰু আজি স্থানীয় শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পন্ন হয় । উল্লেখ্য যে , তেখেত মূলাগাৱঁৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ উপৰি আন ব্যক্তিগত শিক্ষানুষ্ঠানতো শিক্ষকতা কৰিছিল । কলাৰ স্নাতকৰ লগতে হিন্দী প্ৰবীন ডিগ্ৰী ধাৰী লোকজনৰ গণিত, হিন্দী আৰু ইংৰাজী বিষয়ত বিশেষ ব্যুৎপত্তি আছিল । শিক্ষকতাৰ  উপৰি আমগুৰী তথা নৰ্থ বইটামাৰী অঞ্চলৰ বিভিন্ন  সামাজিক অনুষ্ঠানৰ লগত তেওঁ ওত:প্ৰোত ভাৱে জড়িত আছিল । লোকজনৰ অকাল মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । লোকজনে  মৃত্যুৰ সময়ত পত্নী সহ আন আত্মীয় কুটুম্বক এৰি থৈ যায় ।

Your Comments