কাজিৰঙাৰ বাগৰিত মানুহৰ আৱাসৰ বিছনাত শুলেহি এটা 'ভয়ংকৰ সুন্দৰ' ঢেকীয়াপতীয়া

tiger

নিউজ ডেস্ক:

বৃহস্পতিবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰিত এটা আৱাসৰ বিচনাত জিৰণি ল'লেহি এটা বিশেষ বন্যপ্ৰাণীয়ে। বন্যপ্ৰাণীটো 'ভয়ংকৰ সুন্দৰ'। সি এটা ঢেকীয়াপতীয়া বাঘ। বৃহস্পতিবাৰে পুৱা বাঘ,বাঘ বুলি বাহিৰত চিঞৰ শুনি নিজৰ দোকানৰ বাহিৰলৈ ওলাই গৈছিল ভঙা-ছিঙা সা-সামগ্ৰীৰ ব্যৱসায়ী ৰফিকুল ইছলাম। দোকানৰ পৰা ওলায়েই তেওঁ সন্মুখত দেখা পাইছিল এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘক। বাঘটোৱে ৰফিকুলক সন্মুখত দেখিও অৱশ্যে আক্ৰমণ নকৰিলে। ঢেকীয়াপতীয়াটো ৰফিকুলৰ সন্মুখেদিয়েই দোকানৰ কাষৰ তেওঁৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰৰ বিছনাত শুই ল'লে।

ইফালে, প্ৰাণটাকি দৌৰি ৰফিকুল ঠাইখিনিৰ পৰা আঁতৰি আহিল। ৰফিকুলে কোৱা মতে, বাঘটোক যথেষ্ট ভাগৰুৱা দেখা গৈছিল আৰু সি যেন ক'ৰবাত অলপ শুই জিৰণি লোৱাৰ তাড়নাত আছিল। দৰাচলতে বাঘটোৱে  কাজিৰঙাৰ ভয়াৱহ বানৰ সৈতে যুঁজি অতিকৈ ক্লান্ত হৈ জনাঞ্চললৈ ওলাই আহিছিল।

বাঘে দোকানৰ বিছনাত 'শুই থকা'ৰ খবৰ পাই বন বিভাগৰ লোক আহি বাঘটোক নিৰাপদে কাজিৰঙাৰ অৰণ্যলৈ ঘূৰাই পঠিওৱাৰ বাবে তৎপৰ হৈ পৰে।কিন্তু বাঘটোয়ে ঘৰৰ বিছনাৰ আৰাম এৰি আঁতৰি যাবলৈ নিবিচৰাত বনকৰ্মীয়ে ট্ৰেংকুলাইজ কৰি আঁতৰাই লৈ যায়।বেছ কিছু সময় ঢেকীয়াপতীয়াই আৰাম কৰে ৰফিকুলৰ বিছনাত। বিছনাত ঢেকীয়াপতীয়া বাঘ শুই থকা ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ছ'চিয়েল মিডিয়াত এতিয়া এই বিছনাত শোৱা বাঘক লৈ ব্যাপক চৰ্চা।

Your Comments