প্ৰথমবাৰৰ বাবে 'নিয়া'ৰ আদালতত হাজিৰ জু-ৰোড গ্ৰেণেড বিস্ফোৰণৰ সাতজন অভিযুক্ত 

granad

নিউজ ডেস্ক:
জু-ৰোড গ্ৰেণেড বিস্ফোৰণৰ সাতজন অভিযুক্তক প্ৰথমবাৰৰ বাবে আজি হাজিৰ কৰোৱা হয় 'নিয়া'ৰ আদালতত।তদন্তকাৰী সংস্থা নিয়াই নিজৰ জিম্মাত নল'লে এই সাতজন অভিযুক্তক। ফলত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় অভিযুক্তকেইজনক।এই  সাতজন অভিযুক্তক পুনৰ অহা ২ আগষ্টত  আদালতত হাজিৰ কৰিবলৈ নির্দেশ দিয়া হয়।

উল্লেখ্য যে গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব অসম আৰক্ষীৰ পৰা নিয়াই লাভ কৰাৰ পিছত দুটাকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিছে।

Your Comments