গুৱাহাটী ৰে'ল আৰক্ষীয়ে নিচাযুক্ত টেবলেটসহ আটক কৰিলে দুই যুৱতীক

drug

নিউজ ডেস্ক:
বৃহস্পতিবাৰে পুৱাই গুৱাহাটী ৰে'ল আৰক্ষীয়ে নিচাযুক্ত টেবলেটসহ আটক কৰে দুগৰাকীৰ যুৱতীক।আটাকাধীন যুৱতী দুগৰাকী পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ চুমা পল(২৬) আৰু সংগীতা মোদক(৩০)।

ৰে'ল আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি নামনিৰ পৰা অহা ১২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই যুৱতী দুগৰাকীৰ পৰা ১৭৫ পেকেট নিচাযুক্ত টেবলেট,প্ৰতিটো পেকেটত ১৯৫টাকৈ অৰ্থাৎ ৩৪,১০০টা টেবলেট জব্দ কৰে।

উল্লেখ্য যে ৰে'ল আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য ৩৪ লাখ টকা।

Your Comments