লংকাৰ পৰা মনোজ কুমাৰ পাঠক
শনিবাৰে নগাঁও লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ব্লক কংগ্ৰেছে লংকাত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত হোজাই জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে।হোজাই জিলাৰ বিভিন্ন বানপীড়িত অঞ্চলত উপস্থিত হৈ হোজাই জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে বৰদলৈ।জিলাখনৰ বিভিন্ন স্থানত বন্যাৰ্তৰ কাষত হোজাই জিলা প্ৰশাসনৰ লোক বৰ্তমানো উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে।
সাংসদ বৰদলৈয়ে কয় যে বিজেপিৰ দিনতেই চিণ্ডিকেটৰ কৰাল গ্ৰাসত পৰিছে ৰাজ্যখন।সম্বৰ্ধনা সভাত নৱনিৰ্বাচিত সাংসদৰাকীয়ে ভাষণ প্ৰসংগত বান আৰু চিণ্ডিকেটৰ প্ৰসংগ উল্লেখ কৰে।সম্বৰ্ধনা সভাত সাংসদগৰাকীক জাপি,গামোছা,সম্বৰ্ধনাপত্ৰ আদিৰে সম্বৰ্ধনা জনাই লংকা টাউন ব্লক কংগ্ৰেছ কমিটী, ধলপুখুৰী ব্লক কংগ্ৰেছ কমিটী,যমুনামুখ ব্লক কংগ্ৰেছ কমিটীৰ সমূহ সদস্যই।লগতে লংকা শাখা সাহিত্য সভা আৰু লংকাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মীসকলে সাংসদ প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা জনায়।
- Log in to post comments
- 55 views