কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আঞ্চলিক আহমাদুল উলুম হাফিজীয়া মাদ্ৰাছাৰ প্ৰাঙ্গণত কুমাৰীকাটা অঞ্চলৰ তিনিগৰাকী হজ যাত্ৰীক শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে কুমাৰীকাটা আঞ্চলিক এবিএমছুৱে। সেই উপলক্ষে অনুষ্ঠিত সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ সভাপতি বুবুল আলীয়ে। সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ সাধাৰণ সম্পাদক মজনুৰ আলীয়ে।
তামুলপুৰ জিলা এবিএমছুৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলামে আঁত ধৰা সভাখনত হজ যাত্ৰী মজনুৰ আলী, লাল হুছেইন আৰু চুফিয়া বিবিক কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ লগতে দক্ষিণ কুমাৰীকাটা বহুমুখী সমবায় সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সভাত বাহাৰুল ইছলাম আৰু মুজাহিদে বক্তব্য আগবঢ়াই হজযাত্ৰীসকলৰ যাত্ৰা সফল হোৱাৰ কামনা কৰে।
- Log in to post comments
- 8 views