ঘগ্ৰাপাৰৰ বালিতাৰা-চটাইবাৰীৰ কুৰিখনৰো অধিক গাঁও বানাক্ৰান্ত: বিধায়ক অশোক শৰ্মাৰ পৰিভ্ৰমণ

baharghat

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা    
          
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিতাৰা,চটাইবাৰী ,ধমধমা,ভেলামাৰী,নিজবৰশিৰালকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে একেৰাহে পঞ্চম দিনটোতো বানত ককবকাই আছে।শেহতীয়াভাৱে পাগলদিয়া নৈৰ বিধ্বংসী বান আৰু ভূটানে এৰি দিয়া পানীয়ে জুৰুলা কৰা অঞ্চলটোৰ কৃষকসমাজৰ শ শ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে।পশুধনসমূহো তীব্ৰ খাদ্য সংকটত পৰিছে।ইফালে,অঞ্চলটোৰ বাট-পথসমূহ ভাঙি-ছিগি যোৱাৰ বাবে ৰাইজে চৰম দুৰ্যোগৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে।

ৰাজহচক্ৰটোৰ বালিতাৰা গাঁওপঞ্চায়তৰ ১,২,৩,আৰু ৪ নং বালিতাৰা,পূৱবৰশিৰাল,চটাইবাৰী,মাজৰশিৰাল,ধমধমা,ৰঙাফালি,

শান্তিপুৰ,মোহনীয়া, ভেলামাৰী আদি গাঁৱৰ কেইবাবিঘা কৃষিভূমি পানীৰ তলত বুৰ গৈ থকাৰ উপৰিও দুই নং বালিতাৰা পানী যোগান আঁচনি পানীৰ তলত আছে।অঞ্চলটোত শিক্ষানুষ্ঠান,নামঘৰ,ক্লাবঘৰ,আৱাস আদিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে কেবাটাও গুৰুত্বপূৰ্ণ পথ বানত বুৰ যোৱাৰ ফলত যাতায়ত-যোগাযোগ ব‍্যাহত হৈ পৰিছে।উল্লেখ‍্য যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেলামাৰী( চটাইবাৰীত) পাগলদিয়া নৈৰ মথাউৰি দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ থকাৰ ফলত প্ৰতিবছৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ভূটানে পানী এৰি দিয়াৰ ফলত সংল্লিষ্ট অঞ্চলসমূহ প্লাৱিত কৰিছে। bghat

ইফালে,সমষ্টিৰ বিধায়ক অশোক শৰ্মাই বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ  সভাপতি মৃদুল কলিতা,আল্লিয়া জিলা পৰিষদৰ সদস্য মাধৱী ৰাজবংশী,চটাইবাৰী গাঁও পঞ্চায়তৰ সভাপতি দীপুল তালুকদাৰসহ এটি  দলে উক্ত বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।লগতে বিধায়ক অশোক শৰ্মাই বানত  প্লাৱিত হোৱা পৰিয়াল ,শিক্ষানুষ্ঠান ,পুখুৰী আদিৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে উৰ্ধতন কৰ্তৃপক্ষ তথা স্থানীয় ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে।বিধায়কগৰাকীয়ে বানত ক্ষতিগ্ৰস্তসকলৰ মাজত বান সাহায্য দিয়াৰ লগতে পশু খাদ্য বিতৰণ কৰে৷

Your Comments