তপন বৰগোহাঁই
ৰাজ্যৰ উজনি-নামনিত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। গুৱাহাটীৰ মহানগৰীলৈও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ দ্ৰুত বৃদ্ধিয়ে কঢ়িয়াই আনিছে অশনি সংকেত। ইতিমধ্যে শুকুৰবাৰে ৰাতি মহানগৰীৰ মাছখোৱাস্থিত আজানপীৰ
উদ্যানত ব্ৰহ্মপুত্ৰৰ বাঢ়নী
পানী প্ৰৱেশ কৰি শনিবাৰে পুৱাৰ ভাগত সমগ্ৰ উদ্যানখন পানীত ডুব গৈছে।
ইফালে,ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ দ্ৰুত বৃদ্ধিয়ে প্লাৱিত হোৱাৰ শংকা কঢ়িয়াই আনিছে গুৱাহাটীৰ মহানগৰীৰ একমাত্ৰ ছাগলী বজাৰখনলৈ।ভূতনাথস্থিত ছাগলী বজাৰত এই বাতৰি যুগুতোৱা সময়লৈকে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী উঠা নাই যদিও
বজাৰখনৰ প্রায় সমান হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ এই ধাৰা অব্যাহত থাকিলে যিকোনো মুহূৰ্ততে প্লাৱিত হৈ পৰিব সমগ্ৰ বজাৰখন।ইফালে যোৱা বৃহস্পতিবাৰৰ ৰাতিৰে পৰা ছাগলী বজাৰখনৰ তলৰ অংশত ব্ৰহ্মপুত্ৰৰ বাঢ়নীৰ
পানী সামান্য প্ৰৱেশ কৰিছে বুলি জানিবলৈ দিছে ব্যৱসায়ীসকলে।
আনহাতে,ছাগলী বজাৰখনৰ সম্পাদক মকবুল আহমেদে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ অসমৰ প্ৰায় পাঁচ শতাধিক ছাগলী ব্যৱসায়ী এই বজাৰখনৰ লগত জড়িত।ইফালে,বান পৰিস্থিতিৰ বাবে নগাঁও,বৰপেটা,বাঘবৰ আদি ঠাইৰ পৰা ব্ৰহ্মপুত্ৰৰে নৈপথৰে অহা ছাগলীসমূহৰ আগমণ যোৱা ১৫ দিন ধৰি বন্ধ হৈ থকা বুলি উল্লেখ কৰে।ফলত বজাৰখনত বৰ্তমান প্ৰায় ২০%তকৈ অধিক ছাগলী কম অহা বুলি তেওঁ জানিবলৈ দিছে।
তেওঁ জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে ৰাতিৰ পৰা অধিক বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।ফলত বজাৰখনত থকা ছাগলীসমূহক খাদ্যৰ যোগান ধৰাত কিছু সমস্যাৰ সৃষ্টি হৈছে ।আনহাতে তেওঁ জানিব দিয়া অনুসৰি পূৰ্বৰ বছৰৰ তুলনাত ব্ৰহ্মপুত্ৰৰ পানী এইবাৰ অধিক বৃদ্ধি পাইছে।
গুৰুত্বপূৰ্ণ কথা এই যে বজাৰখনক ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা ৰক্ষাৰ কৰাৰ বাবে যি পাৰ আছে,সেই পাৰটো যিকোনো সময়তে ব্ৰহ্মপুত্ৰৰ পানীয়ে ভাগি দিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে।
- Log in to post comments
- 7 views