বঙাইগাঁও: বঙাইগাঁও জিলাত আইনৈৰ জলস্তৰ কমিছে যদিও বান পৰিস্থিতি অপৰিৱৰ্তিত ৰূপতে আছে ৷ আজি চতুৰ্থ দিনাও আইনৈৰ কাষৰীয়া গাঁও সমূহ বানৰ কৱলতে আছে ৷ ইপিনে জিলাখনৰ হাপাছাৰা, জাৰাগুৰি, বালাজানি-চেচাঁপানি গাঁৱৰ বানাক্ৰান্ত লোকসকলে তিনিদিন ধৰি বান সাহাৰ্য্য নোপোৱাত ক্ষোভিত হৈ শুকুৰবাৰে আবেলি হাপাচাৰাত প্ৰায় দুই ঘন্টা ধৰি ৰাষ্ট্ৰীয পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে ৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে বিগত দুদিনত হাপাচাৰাৰ বানাক্ৰান্ত লোকৰ পৰিস্থিতিৰ বুজ লৈছিল যদিও বানাক্ৰান্ত লোকলৈ খাদ্য সামগ্ৰী যোগান নধৰাক তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে লোক সকলে ৷ স্থানীয় বানাক্ৰান্ত লোকে জানিবলৈ দিয়া মতে আইনৈৰ বানত হাপাছাৰা শৰণাৰ্থী শিবিৰ, জাৰাগুৰি, বালাজানি-চেচাঁপানি আদি গাঁৱৰ ছয় শতাধিক লোক বানত ককবকাই আছে ৷ বানাক্ৰান্ত লোক সকলে ঘৰ এৰি পথৰ ওপৰত আশ্ৰয়লৈ আছে ৷
এই ক্ষেত্ৰত প্ৰশাসনে টিৰপাল, খাদ্য যোগান নধৰাৰ লগতে পশুধনৰ খাদ্য যোগান ধৰা নাই ৷ শুকুৰবাৰে ৰাষ্ট্ৰীয় পথ অৱৰোধৰ সময়ত বঙাইগাঁও জিলাৰ উচ্চ পদস্থ বিষয়া, বিজনী ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ বানাক্ৰান্তসকলে নিশাৰ ভিতৰত খাদ্য সামগ্ৰী লাভ কৰিব বুলি প্ৰকাশ কৰিছে ৷ আনহাতে বঙাইগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে, শুকুৰবাৰে বিয়লিলৈকে বঙাইগাঁও জিলাৰ অধীনত থকা বিজনী ৰাজহ চক্ৰৰ ২৭ খন আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২ খন গাঁও বানৰ কৱলত আছে ৷ ইয়াৰ ফলত মুঠ ৬২,৪০৫ গৰাকী লোক বানৰ কৱলত পৰিছে ৷ জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডত আজি এটা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে ৷ এই শিবিৰত ২৯ গৰাকী বানাক্ৰান্ত লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷ ইপিনে জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰায় শতাধিক গাঁও আই - মানাহৰ বাঢ়নী পানীত ডুব যোৱাত বন্যাৰ্তৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঠায়ে ঠায়ে বন্যাৰ্তই ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে। বালাৰচৰত প্ৰায় ১৫০ পৰিয়াল আশ্ৰয় শিবিৰত আশ্ৰয় লোৱাৰ লগতে ডাঙাইগাওঁ - কীৰ্তনপাৰা সংযোগী পকী পথৰ ওপৰত বানাক্ৰান্ত ৰাইজে আশ্ৰয় গ্ৰহণ কৰিছে।
এতিয়ালৈকে বানাক্ৰান্ত লোকৰ পহুধনৰ বাবে কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান নধৰাত বিশুদ্ধ খোৱা পানী আৰু খাদ্য সামগ্ৰীৰ সংকটত হাঁহাকাৰ কৰিবলগীয়া হৈছে । আশ্ৰয় শিবিৰত পহুধনৰ লগত সহ অৱস্থান কৰিবলগীয়া হৈছে বন্যাৰ্তই । ২ নং বাশবাৰীত পথ ছিঙি ৮ টা পৰিয়ালৰ বাসগৃহ উটি যায় পানীৰ সোঁতত। ৰাজকুমাৰ মণ্ডল, নিখিল মণ্ডল, দিলিপ মণ্ডল, আশা নমঃ দাস, জগত মণ্ডল, বাবুলাল মণ্ডল, জয়চৰণ মণ্ডল আদি কৰি আঠটা পৰিয়ালৰ বাসগৃহ পানীৰ প্ৰবাল সোঁতত উটি যায়। আনহাতে আই নদীৰ পানী কমিব ধৰাত ভয়াৱহ গৰাখহনীয়া আৰম্ভ হৈছে। মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬ আৰু ৪ নং ভাণ্ডাৰাত গৰাখহনীয়াই কালৰূপ ধাৰন কৰি হামেদ আলী, ৰহিম আলী, জামাল বাদশা, জামেলা বেওৱা, আনোৱাৰা বেওৱা, আনোৱাৰ হুছেইন, বাক্কাৰ আলী, আনোৱাৰ হুছেইন, মোকবুল হুছেইন, নুৰুল ইছলাম মন্ডল , মাজেদ আলী, বাহাৰুল ইছলাম আৰু হাছেন আলীৰ ১৩ টাকৈ পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত জাহ গৈছে । ৬ আৰু ৪ নং ভাণ্ডাৰাত এটাৰ পিছত এটাকৈ পকী ঘৰ আই নদীৰ বুকুত জাহ গৈছে।
মৰাপাটৰ খেতি, পথ আদিও ইতিমধ্যে আই নদীৰ বুকুত জাহ গৈছে গৰাখহনীয়াৰ ফলত। এতিয়া এই সকল নৈপৰীয়া লোকৰ আলৈ -আথানি নোহোৱা হৈছে। ভীতিগ্ৰস্ত হৈ বাকী ঘৰবোৰ ভাগি নিৰাপদ স্থানলৈ লৈ যোৱাৰ চেষ্টা কৰি আছে নৈপৰীয়া এইসকল লোকে। আজি তিনি চাৰি দিন ধৰি বানপানীৰ কবলত পৰি থকাৰ লগতে গৰাখহনীয়াৰ কবলত সৰ্বস্বান্ত হোৱা এই নৈপৰীয়া সকলৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বা খবৰ এটাকে লোৱা নাই জিলা প্ৰশাসনে। শুকুৰবাৰে অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰীয়ে গৰাখহনীয়া গ্ৰস্ত ৰাইজৰ বুজ লোৱাৰ লগতে প্ৰশাাসনৰ লগত যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে।
- Log in to post comments
- 22 views