নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
গুৱাহাটী বিশ্ববিদ্যালয়ে বুধবাৰে ঘোষণা কৰা স্নাতক কলা,বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফলত মধ্য অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ে এক উল্লেখনীয় ফল দেখুওৱাবলৈ সক্ষম হৈছে ।
সেই অনুসৰি মহাবিদ্যালয়খনৰ চাৰিগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু ৩৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণী
দখল কৰিছে । সেই অনুসৰি বাণিজ্য শাখাৰ ফাইনেন্স বিভাগত নৱজ্যোতি যোচেফ ৰাহি,কলা শাখাৰ বুৰঞ্জী বিভাগত ৰূপশিখা কলিতা আৰু বিজ্ঞান শাখাৰ পদাৰ্থ বিজ্ঞান বিভাগত প্ৰজ্ঞাজ্যোতি লস্কৰ আৰু পৰিসংখ্যা বিজ্ঞান বিভাগত ৱাচিম চাবিল উদ্দিন আহমেদে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে ।
আনহাতে মহাবিদ্যালয়খনৰ পৰা ভূগোল বিজ্ঞান বিভাগ(কলা শাখা)ত আশীষ শইকীয়াই প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান আৰু ৰাজনীতি বিজ্ঞান বিভাগত প্ৰীতি বৰাই প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড:শৰৎ বৰকটকীয়ে জনোৱা মতে চলিত বৰ্ষত কলা শাখাত ২৬৯জন,বিজ্ঞান বিজ্ঞানত ৮৭জন আৰু বাণিজ্য বিভাগত ৩৪জনে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয় । নগাঁও মহাবিদ্যালয়ৰ এনে ফলাফলৰ বাবে অধ্যক্ষ ড:শৰৎ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীসকলক ধন্যবাদ আৰু শুভেচ্ছা জনোৱাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি আলিমুজ জামান আৰু বিধায়ক ৰূপক শৰ্মাইয়ো অভিনন্দন জ্ঞাপন কৰিছে ।
- Log in to post comments
- 37 views