শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন:
ছাত্র মুক্তি সংগ্রাম সমিতি, বিডিএছএফ, এনএছইউআই-ৰ নেতৃত্বত শুকুৰবাৰে লালা ৰুৰাল কলেজ আৰু কাটলিচড়া এছকে ৰয় কলেজেৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ ফলত সমগ্ৰ লালা চহৰ উত্তাল হৈ পৰে।শুকুৰবাৰে দুপৰীয়াৰ পৰা ছাত্র মুক্তিৰ হাইলাকান্দি জিলা সমিতিৰ সম্পাদক ফৰিদ উদ্দিন লস্কৰ বিডিএছএফৰ সভাপতি আব্দুল আহাদ লস্কৰ আৰু এনএছইউআই-ৰ জিলা সম্পাদক মজমুল ইছলাম লস্কৰৰ নেতৃত্বত শশ ছাত্ৰ ছাত্ৰীয়ে লালা ৰুৰাল কলেজৰ সমমুখৰ পৰা এটা মিছিল উলিয়াই মঙ্গলবাৰী বজাৰ পয়েন্টত আহি চেন্ট্রাল পথ অবৰোধ কৰে। অৱৰোধকাৰী সকলে তেওঁলোকে বিভিন্ন শ্লোগানেৰে পরিস্থিতি উত্তাল কৰি তোলাৰ খবৰ পাই এক বিশাল পুলিচ বাহিনীৰ সৈতে আহি উপস্থিত হয় লালা থানাৰ অচি লিটন নাথ।আন্দোলনকাৰীক সৈমান কৰোৱাত ব্যর্থ হোৱাত উক্ত স্থানত আহি উপস্থিত হয় হাইলাকান্দিৰ কাৰ্যবাহী দণ্ডাধীশ।
আন্দোলনকাৰীৰ দাবী শুনি তেওঁ এই বিষয়ে উপায়ুক্তক জানোৱাৰ প্ৰতিশ্ৰুতি দিয়াত তিনি ঘন্টা অবৰোধৰ পিছত চেন্ট্রাল ৰোড অবৰোধমুক্ত হয় বুলি জানিব পৰা গৈছে।আনহাতে,ছাত্রনেতা ফৰিদ উদ্দিন লস্কৰ,আব্দুল আহাদ লস্কৰ ও মজমুল ইছলাম লস্কৰে জানিবলৈ দিয়ে, ছাত্র -ছাত্ৰীৰ স্বার্থ বিৰোধী এই চৰকাৰী চার্কুলাৰ প্রত্যাহাৰ চৰকাৰে নকৰালৈকে তেওঁলোকৰ আন্দোলনো চলি থাকিব। আজিৰ আন্দোলনত এনএছইউআইৰ লালা ব্লক সভাপতি সুফিয়ান আহনাফ, ছাত্র মুক্তিৰ লালা ব্লক সভাপতি জাভেদ আহমদ, কলেজ ইউনিটৰ সভাপতি আব্দুল আজিজ, বিডিএছএফৰ ইমদাদুল বাৰী, ওলিউল্লা লস্কৰকে ধৰি বহু লোক উপস্থিত থাকে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 17 views