নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
অবিভক্ত নগাঁও জিলাত সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে । আজি বিয়লি গুৱাহাটীত চিকিৎসাধীন হৈ থকা বেবেজীয়াৰ সমীপৰ হাতীচোঙৰ এজন ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৃত্যু হয় । মৃত ব্যক্তিগৰাকী হৈছে হাতীচোং কমাৰচুকৰ গোলাপ দাস । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মৃত দাস জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটালত চিকিৎসাধীন হৈ আছিল । আজি বিয়লি ৩ বজাত গোলাপ দাসে শেষ নিশ্বাস ত্যাগ কৰে ।৬৭ বছৰীয়া দাসে মৃত্যুৰ সময়ত পত্নীৰ উপৰি দুই পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায় ।
- Log in to post comments
- 34 views