লামডিংত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ানক অগ্নিকাণ্ড 

hojai

হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :

হোজাই জিলাৰ লামডিঙত আজি নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷ ইটাভাটা চাৰিআলিৰ আল্লাউদ্দিন নামৰ এজন ব্যৱসায়ীৰ ভাৰাঘৰত পোনতে জুইৰ সুত্ৰপাট ঘটে আৰু চাওতে চাওতে চাৰিওফালে জুইয়ে ভয়ানক ৰূপ ধাৰণ কৰে ৷ আজিৰ অগ্নিকাণ্ডৰ ঘটনাটো ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সংঘটিত হয় বুলি ধাৰণা কৰা হৈছে ৷ এই অগ্নিকাণ্ডত ৬টাকৈ ভাৰাঘৰ জুইত জাহ যোৱাৰ লগতে ব্যৱসায়ী জনৰ এটি লোহাৰ ডেম্পো সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ৷

Your Comments