ঘগ্ৰাপাৰত এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ : বৰাজোলত ছাত্ৰীৰ  অকাল মৃত্যু

japani

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন :                                                                 

সমগ্ৰ ৰাজ‍্যৰ লগতে শেহতীয়াকৈ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ পৰা পৰিলক্ষিত হৈছে।ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ চুমি ডেকা (২১)নামৰ এগৰাকী মহিলা উক্ত ৰোগত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। বিগত প্ৰায় পোন্ধৰ দিন পুৰ্বে চুমি ডেকাই জ্বৰ,বমি,আৰু মুৰৰ বিষত আক্ৰান্ত হোৱাত স্থানীয় ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ‍্য কেন্দ্ৰ আৰু নলবাৰী অসামৰিক চিকিৎসালয়ত তিনি দিন ধৰি চিকিৎসাধীন হৈ থকা পিছত স্থাস্থ‍্যৰ অৱনতি ঘটাত গুৱাহাটীস্থিত "হেলথ চিটি হাস্পিতাল" নামৰ নাৰ্চিং হোম খনত ভৰ্ত্তি কৰোৱা হয়।উক্ত চিকিৎসালয়তে চুমি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। বৰ্তমান তেওঁ হাস্পিতালৰ পৰা আহি নিজ পিতৃগৃহতে চিকিৎসাধীন হৈ আছে। ইপিনে যোৱা ন জুলাইত নলবাৰী জিলা যুটীয়া স্থাস্থ‍্য সেৱা সঞ্চালক চিত্তৰজ্ঞন পাঠক আৰু ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ‍্য কেন্দ্ৰৰ মহকুমা ও চিকিৎসা বিষয়া ডঃ দিলীপ কলিতাসহ  এটি চিকিৎসা কৰ্মীৰ দলে চুমি ডেকাৰ ৰোগৰ বুজ লয়।

আনহাতে ৰাজহ চক্ৰটোৰ অন্তৰ্গত বৰাজোল পানবাৰী গাঁৱৰ এগৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰী জ্বৰত আক্ৰান্ত হৈ যোৱা নিশা মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।জানিব পৰা মতে গাঁৱৰ মহেশ দাসৰ কন্যা চন্দনা দাস {১৮}বিগত কিছুদিন ধৰি জ্বৰ আৰু মুৰৰ বিষত আক্ৰান্ত হৈ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত বিগত ১৫ দিন ধৰি মৃত্যুৰ সৈতে যুঁজি থাকি কোনো ৰোগ ধৰা নপৰাত চিকিৎসালয়ৰ কৰ্তৃপক্ষই ঘৰলৈ পঠিয়াই দিয়ে যদিও যোৱা নিশা তেওঁৰ নিজ বাসগৃহত অকাল মৃত্যু ঘটে।ইতিমধ্যে ছাত্ৰীগৰাকী জাপানীজ একেফেলাছটিছ ৰোগত আক্ৰান্ত হৈছিল বুলি অঞ্চলটোৰ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।মৃত্যু চন্দনা দাস আছুৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বনভাগ মহাবিদ্যালয়ৰ আছু গোটৰ সহকাৰী সম্পাদিকাও হিচাপে কাৰ্য্যানিৰ্বাহ কৰিছিল।

তেওঁৰ অকাল  মৃত্যুত  ছাত্র সন্থাৰ বৰাজোল,ঘগ্ৰাপাৰ,পশ্চিম বনভাগ,আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বনভাগ মহাবিদ্যালয়,ঘগ্ৰাপাৰ প্ৰেছ কাব্ল,বৰাজোল গাঁও উন্নয়ন সমিতি,বৰাজোল দূর্গা মন্দিৰ সমিতি,বৰাজোল বজাৰ সমিতি,বৰাজোল হাইস্কুল,ছোৱালী হাইস্কুল আদিৰ লগতে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজদ্দিন আহমেদ,ক্ৰীড়া সম্পাদক কংকন কলিতা,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি হীৰকজ‍্যেতি শৰ্মা আদিকে ধৰি বিভিন্ন দল/সংগঠনে শোক প্ৰকাশ কৰিছে।ইপিনে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাই চন্দনা দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা কাইলৈ পৰা  তিনিদিনলৈ অৰ্ধনৰ্মিত কৰিব ৰাখিব বুলি ছাত্ৰ নেতা বিশ্বজিত সাউদে জনাইছে।

Your Comments