লখিমপুৰৰ লোহিত খাবলুৰ ৩৩ গাঁও সম্পূৰ্ণ পানীৰ তলত : পশুধনৰ খাদ্য সংকট

majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ : 

ব্ৰহ্মপুত্ৰ সোৱণশিৰি, খেৰকটীয়া, লোহিত নৈত বৃদ্ধি পোৱা বাঢ়নী পানীয়ে লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত লোহিত খাবলু গাঁও পঞ্চায়তৰ  ৩৩ খন গাঁৱৰ বান পৰিস্থিতি জটিল হৈ পৰিছে । বিশেষকৈ  ১ নং লিগিৰামুখ চানং ,পশ্চিম চানং, পূৰ্ণিমা চানং,গাংগম চানং,মৰালীয়ামুখ ,কুলামুৱা, কুলামুৱা চাপৰি, বৰুনচুক, কাম্বং,গড়মূৰ নগৰ গাঁও,বালিগাঁও,কুমলীয়া চাপৰি,ভেৰণীজান, তামূলঘুলি,মিলনপুৰ, হস্তিনাপূৰ, উত্তৰ ডাম্বুকিয়াল,ষোল্ল মাইল,দুঘৰীয়া,চেলেক সমবায়, ললিটি মৰাং, যোগীবাৰী, বৰবালি,কামৰেক,বৰালিমৰা,পাথুৰিচুক,পাঠৰি চাপৰি,পাচুং, নামিচিং গাদুং,শান্তিপূৰ আদিকে ধৰি ৩৩ খন গাঁৱৰ বৰ্ন্যাতসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।majili2

তদুপৰি লোহিত খাবলুৰ বিভিন্ন শিক্ষানুষ্ঠান ক্ৰমে লোহিত খাবলু হাইস্কুল, ডাম্বুকিয়াল এল পি , বাঁহগুৰি এল পি,গড়মূৰ ডাম্বুকিয়াল এল পি, পাচুং ঔগুৰি এল পি, নামনি মৰলীয়ামুখ এল পি ,উত্তৰ ডাম্বুকিয়াল এল পি,ললিতি মৰাং এল পি,ললিতি যোগীবাৰী এম ই, নামনি কুলামুৱা এল পি,লিগিৰামুখ চানং এল পি,গাংগম চানং এল পি স্কুল, বৰুণচুক এল পি,বৰালিমৰা এল পি, নামচিংগাদুং এল পি,সমবায় চেলেক এল পি আদি প্ৰায় অৰ্ধশতাধিক শিক্ষানুষ্ঠানৰ লগতে প্ৰায় ডেৰ কুৰি অংগনৱাড়ী কেন্দ্ৰ বৰ্তমানে পানীৰ তলত আছে। ইপিনে ২১ নং মাজুলী- লখিমপুৰ সংযোগী গড়কাপ্তানি পথৰ ডাম্বুকিয়াল অংশত কালি সন্ধিয়া পাঁচ বজাত লোহিতৰ প্ৰৱল জল ধাৰাই পথটোৰ পোন্ধৰ মিটাৰ দৈৰ্ঘ্যৰ অংশ উটুৱাই নিয়ে । উক্ত চিগা অংশইদি ডাম্বুকিয়াল গাঁৱৰ ভিতৰলৈ সোমাই অহা কালান্তক জলধাৰাই গাঁওখনৰ নিবাসী মিজুৰাম পায়েং আৰু ললিত মিলিৰ ঘৰ দুখনত পানীৰ তীব্ৰ সোঁতে ভাবুকিৰ সৃষ্টি কৰিছে ।  বৰ্ন্যাতৰ লগতে লোহিত খাবলুৰ শ শ কৃষি পথাৰ সম্পূৰ্ণৰূপে বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত শালিধানৰ কঠিয়াৰ লগতে বাও ধানৰ খেতি সমূহ চৌদিশৰ জটিল বান পৰিস্থিতিৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনাই গঞা ৰাইজক শংকিত কৰি তুলিছে।majuli4

বান পৰিস্থিতি জটিল হোৱাৰ লগে লগে লোহিত খাবলু গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পশুধনৰ বাবে সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ । ফলত পশুপালকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । গভীৰ খাদ্য সংকটৰ সন্মুখীন হোৱা বহু পশুধন এতিয়া বানৰ মাজত আৱদ্ধ হৈয়ো পৰিছে । ইপিনে সোৱণশিৰি নৈৰ বিধ্বংসী খহনীয়াৰ ফলত ডাম্বুকিয়ালৰ নিবাসী বিনোৰাম পায়েংৰ ঘৰ আৰু বেম্বাই মিলিৰ ভঁৰাল আজি খহনীয়াত জাহ যায় । বিগত সময়ত ৰাজ্যিক জলসম্পদ বিভাগ তথা লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে এই দৰিদ্ৰ পৰিয়ালৰ দুটাৰ সপোনৰ ঘৰ,ভঁৰাল নিমিষতে খহনীয়াত জাহ যায় । লোহিত খাবলুৰ বান পৰিস্থিতি বুজ লোৱাৰ বাবে জিলা পৰিষদ সদস্যা বিচিত্ৰা দলে,লোহিত খাবলু গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপ্তী পাদুনৰ নেতৃত্বত এটা সঁজাতী দলে বৃহস্পতিবাৰে লোহিত খাবলুৰ গাঁৱে গাঁৱে গৈ বৰ্ন্যাতসকলৰ লগত মত বিনিময় কৰে ।

Your Comments