বঙাইগাঁওঃ
ভূটান ৰাষ্ট্ৰত হৈ থকা বৰষুণৰ ফলত ভূটানৰ পাহাৰ সমূহৰ পৰা বৈ অহা নৈ-উপনৈৰ বাঢ়নী পানীৰ লগতে বিগত কেইবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত বঙাইগাওঁ জিলাতো আই নৈৰ জলস্তৰ কালিৰে পৰা বৃদ্ধি পোৱাত জিলাখনৰ ৬২ খন গাঁও বানৰ কৱলত পৰিছে ৷ বানত জিলাখনৰ অন্তৰ্গত তথা চিৰাং জিলাৰ বিজনী ৰাজহ চক্ৰ এলেকাৰ গাঁও বেছিকৈ বানৰ কৱলত পৰিছে ৷ কালি নিশা আই নৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বোৱাত নিশালৈ বহু লোকৰ ঘৰত পানী সোমোৱাত হাপাছাৰা এলেকাত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ৪০ গৰাকী লোকক উদ্ধাৰ কৰে ৷ এই বানত বঙাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত পোপৰাগাঁৱৰ ১১ টা পৰিয়াল বানৰ কৱলত পৰিছে ৷ আনহাতে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধীনৰ ৩১ খন গাঁৱৰ ৫০৪ টা পৰিয়াল বানৰ কৱলত পৰিছে ৷ বালাজানি-চেচাপানিৰ এশটা পৰিয়ালক উদ্ধাৰ কৰাৰ লগতে দনকিনামাৰিৰ দুটা পৰিয়ালক নিৰাপদ ঠাইত স্থানান্তৰ কৰা হৈছে ৷ এই বানত বিজনী ৰাজহ চক্ৰৰ ৩০ খন গাঁও আৰু বঙাইগাঁও ৰাজহ চক্ৰৰ এখন গাঁও বানৰ কৱলত পৰিছে ৷
আজি বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানসহ জিলাৰ উচ্চ পদস্থ বিষয়াই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ জিলা উপায়ুক্তগৰাকীয়ে বানৰ কৱলত পৰা ভাণ্ডাৰা আদি অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় ৷ সেইদৰে বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াই পোপৰাগাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় ৷ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বালাৰপেট,টেন্টনপুৰ, টিলপুখুৰী, কাঁহিবাৰী আদি বানাক্ৰান্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লয় ৷ প্ৰশাসনে প্ৰকাশ কৰামতে, জিলাখনত ৭২,৫৮২ লোক বানৰ কৱলত পৰিছে ৷
গেৰুকাবাৰীৰ নিকটৱৰ্তী জামদহাত এটা কালভাৰ্ট তললৈ নামি যোৱাত পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে ৷ ইপিনে ভাণ্ডাৰা-কীৰ্তনপাৰা গড়কাপ্তানি পথত বানে পথচোৱা খহাই নিয়াত যাতায়াত ব্যাহত হৈ পৰিছে ৷ জিলা প্ৰশাসনে বানত যাতে কোনো লোক অাৱদ্ধ হৈ থাকিব নালাগে তাৰ বাবে জিলা উপায়ুক্ত আদিল খানে নিজে তত্বাৱধান লৈ উদ্ধাৰকাৰী এন ডি আৰ এফ আৰু এছ ডি আৰ এফ দলক সষ্টম কৰি ৰাখিছে ৷
- Log in to post comments
- 14 views