চিৰাঙত বানৰ কৱলত ২২ খন গাঁও,আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে পাঁচ শতাধিক বানাক্ৰান্তই 

bgn

বঙাইগাঁওঃ

নেৰানেপেৰা বৰষুণৰ ফলত চিৰাং জিলাৰ বহু অঞ্চল বানৰ কৱলত পৰিছে ৷ উল্লেখ্য যে ভূটানৰ পাহাৰৰ পৰা বৈ অহা নৈ- উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত জিলাখনৰ আই, নাঙলভাঙা, আইপোৱালী,মাক্ৰা, টাকলাই, নিজলা, মাওপাৰ,দুলনী আদি নৈ-উপনৈৰ জলস্তৰ বাঢ়ি থকাত চিৰাং জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে ৷ জিলা প্ৰশাসনৰ তথ্য মতে বৰ্তমানলৈকে জিলাখনৰ বেংতল, চিদলী আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ২২ খন গাঁও বানৰ কৱলত পৰিছে ৷  ফলত প্ৰায় ৬,০৬০ জন লোক বানত আক্ৰান্ত হৈছে ৷ জিলাখনৰ বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত মাদাৰপুৰ, দাবাবিল,চোটো নিলীবাৰী আৰু খাগ্ৰাবাৰীকে ধৰি চাৰিখন গাঁও বানৰ কৱলত পৰিছে ৷ সেইদৰে চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত দেবৰবিল, সন্যাসীবাৰী,নেপালপাৰা, ওদালগুৰী,পলাশগুৰী আৰু ২ নং ওদালগুৰীকে ধৰি ছয়খন গাঁও বানৰ কৱলত পৰিছে ৷

আনহাতে জিলাখনৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং চৌৰাগুৰী, ১নং চাৰাপেট,২ নং শিশুবাৰী, ১ নং মাজৰাবাৰী, ২ নং মাজৰাবাৰী, ১ নং খুজৰাবগুৰী, মাণিকপুৰ, চোটো আমগুৰী, পাতালমাৰী, খুংখ্ৰাঝৰা, ১ নং চিকাঝৰা আৰু ১ নং ধলডাণ্ডাকে ধৰি বাৰখন গাঁও বানৰ কৱলত পৰিছে ৷ ইতিমধ্যে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ডাংগাপেটা এল পি স্কুলত এটা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে আৰু এই শিবিৰত ৫৫০ জন বানাক্ৰান্ত লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ মাজত প্ৰশাসনৰ তৰফৰ পৰা চিৰা আৰু গুৰৰ যোগান ধৰিছে ৷ বানৰ ফলত জিলাখনৰ ৰাষ্ট্ৰীয় পথ সংযোগী শ্যামঠাইবাৰী আৰু দাদগিৰিৰ মাজৰ ৩৯/১ নম্বৰ পকী দলংখন ক্ষতিগ্ৰস্ত হৈছে ৷ ইপিনে বানৰ লগতে নৈৰ খহনীয়াও অব্যাহত আছে ৷ দেৱৰগাঁও,ৰাণী সুন্দৰী, খাগ্ৰাবাৰী, গেদা বজাৰ,বুৰিঝাৰ, দুই নং সূত্ৰধৰ বস্তি, দাবাবিল, লেডোবজাৰ, শিশুবাৰী, কুন্ঠাইবাৰী, মাণিকপুৰ, দলোগাঁও, নাঙলভাঙা, এলেংমাৰী, শিমলগুৰী আদি গাঁৱত নৈৰ খহনীয়া অব্যাহত আছে ৷bgn2

আনহাতে জিলাখনৰ বিজনী ৰাজহ চক্ৰ এলেকাৰ মালিপাৰা, দৈমুগুৰি, শেৱৰাগুৰি, দোঙাপেটা, ছাৰাগাঁও, নাওডুবা, মংগোলীয়ান, সন্যানীগুৰি, কাঠলগুৰী, খুজুৰাবগুৰী, মাজৰাবাৰী আদি গাঁৱত নিশাৰ পৰা স্থানীয় লোক, বিপিএফৰ লোক আৰু এছ ডি আৰ এফে ভালে সংখ্যক লোকক উদ্ধাৰ কৰে ৷ ইপিনে আইনৈয়ে বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা দাবাবিল গাঁৱৰ বানাক্ৰান্ত লোকক প্ৰশাসনে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি স্থানীয় লোকে অভিযোগ কৰিছে ৷ উল্লেখ্য যে আজি জিলাখনৰ ৰুণীখাটাৰ অন্তৰ্গত আমিনপাৰা আৰু গোৰসিং পাৰা গাঁৱত বাঢ়নী পানীত আৱদ্ধ হৈ থকা লোকক ৰুণীখাটাস্থিত সেনা বাহিনীৰ জোৱানে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনে ৷ চিৰাং জিলাৰ উপায়ুক্তই আজি বানৰ কৱলত পৰা চোটো নিলিবাৰী অঞ্চল আদি পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় ৷

Your Comments