সোণৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত চিংল টঙীয়া গাঁৱত যোৱা নিশা স্বামীয়ে পত্নীক মৰিয়াই হত্যা কৰাৰ এক লোমহৰ্ষক ঘটনা সংঘটিত হয়। ৰবিলাল মুণ্ডাই কালি নিশা মদ্যপান কৰি পত্নী চম্বাৰী মুণ্ডাৰ সতে প্ৰথমে কাজিয়াত লিপ্ত হয়। পিছত খঙৰ ভমকত ৰবিলালে এডাল লাঠীৰে পত্নীক উপৰ্যুপৰি প্ৰহাৰ কৰাত ঠাইতে তেওঁৰ মৃত্যু হয়। ইফালে আজি পুৱা ৰবিলালৰ কণকণ লৰা ছোৱালী কেইটাই মাকৰ মৃত্যু হোৱা বুলি ওচৰ চুবুৰীয়াক জনোৱাত হুৱাদুৱা লাগে। অৱশ্যে পাছত চফ্ৰাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্বামী ৰবিলালক আটক কৰি জেৰা চলায়। আৰক্ষীৰ জেৰাত ৰবিলালে পত্নীক প্ৰহাৰ কৰা বুলি স্বীকাৰ কৰে যদিও মৃত্যু হ'ব বুলি ভবা নাছিল বুলি অৱগত কৰে। চৰাইদেউ জিলা ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱাৰ অন্তত হত্যাকাৰী স্বামী ৰবিলালক কাৰাগাৰলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 38 views