নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ খাগৰিজান মণ্ডলৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ এক অভিনন্দন সভা আজি বেবেজীয়াত অনুষ্ঠিত হৈ যায় । এই উপলক্ষে বেবেজীয়াৰ ভোগেশ্বৰ হাজৰীকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিজেপিৰ খাগৰিজান মণ্ডলৰ সভাপতি বকুল শইকীয়াই । সভাত উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে পৰিবৰ্তনৰ ধুমুহাই পূৰ্বৰ সকলো অভিলেখ তচ-নচ কৰি এখন সুস্থ সবল আৰু নিকা সমাজ গঠনৰ ব্যৱস্থা কৰা হৈছে। পিছ দুৱাৰেদি চাকৰি লাভৰ দুৰ্নীতিমুক্ত এক বাতাবৰণৰ সৃষ্টি হোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মূখ্য কাম হৈছে অধ্যয়ন আৰু আত্মবিশ্বাস ।
নতুন প্ৰজন্মই সেই আশা লৈ আগবাঢ়ি আহিছে আৰু সমাজত আশাৰ সঞ্চাৰ কৰিছে । বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ,কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ,বেবেজীয়া ভোগেশ্বৰ হাজৰীকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ পদ্মকান্ত কলিতা,ক্ৰীড়া সংগঠক উজ্জ্বল বৰুৱা,অনিল দাস,ৰাজু বৰুৱা আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে । বিজেপিৰ নগাঁওজিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ডেকাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত দুকুৰিৰো অধিক কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা,অভিনন্দন পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ।
- Log in to post comments
- 13 views