সোণাৰিত পিষ্টল সহ দুজন নগা যুৱকক আটক

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

চৰাইদেউ জিলাৰ সোণাৰিৰ সমীপৰ টিয়কঘাটত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত  পিষ্টল সহ দুজন নগা লোকক আটক কৰে।   জ'ন কন্যাক আৰু আয়ান কন্যাক নামৰ আটকাধীন নগা লোক দুজনৰ পৰা এটা পইন্ট ২২ পিষ্টল ,তিনিজাঁই সক্ৰিয় গুলী, এটা কাৰ্টিজ, এটা হস্ত নিৰ্মিত বন্দুক সহ  এখন  এ এছ ০৪ এইছ ৪১১০ নম্বৰৰ পালচাৰ মটৰ চাইকেলো উদ্ধাৰ কৰে।sn

আটকধীন যুৱক দুজনৰ ঘৰ  নাগালেণ্ডৰ ম'ন জিলাৰ নামচাত। টিয়কঘাটৰ এখন হোটেলত আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে সেনা -আৰক্ষীৰ যুটীয়া অভিযানত দুয়োকে আটক কৰে । ইফালে আটকাধীন নগা যুৱকদ্বয়ে চৰাই মাৰিবলৈহে  পিষ্টল কেইটা লৈ অহা বুলি মন্তব্য প্ৰদান কৰিছে।

Your Comments