অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ হাইলাকান্দি ভ্ৰমণ

barak

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন:

আজি হাইলাকান্দি ভ্ৰমণলৈ  আহিছে অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ এটা দল। দলটোত বিধায়ক বৃন্দাবন গোস্বামীকে ধৰি অসম বিধান সভাৰ কেইবাজনো বিধায়ক আছে।  বৰাকৰ এমজি এনৰেগা,পি এম জি এছ ৱাই আদি আঁচনিৰ অধীনত বৰাকৰ বিভিন্ন অঞ্চলত পথ নিৰ্মানত হোৱা অবাধ কেলেংকাৰীৰ প্ৰসংগ তথ্যসহ দলটোৰ ওচৰত দাঙি ধৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ বৰাক  জোনৰ বিষয়ববীয়া সকলে। হাইলাকান্দি জিলাৰ বৰুণছড়া, দাড়িয়াৰঘাট, বেতছড়া, ঝালনাছড়া, আৰু কেইবাখনো গাঁওৰ চল্লিশ হেজাৰৰো অধিক লোকৰ যোগাযোগৰ এটামাত্ৰ ভৰষা  পিএমজিএছ ৱাই আঁচনিৰ অধীনত নিৰ্মাণ কৰা পথটোৰো নির্মাণত সংঘটিত কেলেঙ্কাৰ‌ীৰ প্ৰসংগয়ো তথ্যসহ তুলি ধৰা হয় বুলি জানিব পৰা গৈছে।

Your Comments