ভৱানীপুৰৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
বিগত বছৰৰ দৰে এইবাৰো বৰপেটা জিলাৰ ভৱানীপুৰ সত্ৰত আয়োজন কৰা হৈছে গুৰুজনাৰ অনুপম সৃষ্টি বৰগীত,খোলবাদন, সত্ৰীয়া নৃত্যৰ লগতে ভোৰতাল নৃত্যৰ এখনি কৰ্মশালা । ভৱানীপুৰৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান গোপাল আতা সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ সহযোগত অহা ১৫ জুলাইৰ পৰা ২১জুলাইলৈ ৭দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে উক্ত কৰ্মশালাৰ। দৈনিক পুৱা ৯ বজাৰ পৰা বিশিষ্ট সত্ৰীয়া শিল্পী গুনীন্দ্ৰ নাথ ওজা আৰু বিপুল ওজাৰ তত্বাৱধানত এই সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হ'ব বুলি গোপাল আতা সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ সভাপতি অপূৰ্ব কলিতাই সংবাদ মাধ্যমক জনোৱাৰ লগতে আৰু ইচ্ছুক প্ৰশিক্ষাৰ্থী সকলক ৯৭০৬১১৭৪৫৬ আৰু ৮৪৮৬৪৯৩৮৮৪ নম্বৰ দুটাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।
- Log in to post comments
- 24 views