মৰিগাঁৱত বানৰ সংহাৰী ৰূপ,১০ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত

marigao

জিতুমনি নাথ, মৰিগাঁও:

বিগত কেইদিনৰ মুষলধাৰ বৰষুণৰ ফলত ক্ৰমাত ব্ৰক্ষ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আজি পুৱা মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগুৰি কছাৰী গাঁৱৰ নৱনিৰ্মিত ৰিংবান্ধটো ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীয়ে উটোৱাই নিয়াৰ ফলত সংকিত হৈ পৰিছে নৈপৰিয়া জনসাধাৰণ। ইয়াৰ ফলত টেঙাগুৰি,কছাৰী গাঁও,বতাবৰি,হাতীলৌৱা গাঁৱকে আদি কৰি ২০ খনতকৈও অধিক গাঁও জলমগ্ন হৈ পৰা বুলি জানিব পৰা গৈছে। জিলাপ্ৰশাসনৰ সূত্ৰই  সম্প্ৰিতি ১০ হাজাৰ লোকৰ ক্ষয়ক্ষতি হোৱা বুলি প্ৰকাশ কৰিলেও এই ক্ষয়ক্ষতিৰ পৰিমান আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানী ৰোধ কৰা উদ্দেশ্য মৰিগাঁও জলসম্পদ বিভাগ আৰু জিলা গ্ৰাম্যোন্নয়ন অভিকৰণৰ জৰিয়তে ২২ শ মিটাৰ দৈঘ্যৰ দুটা ৰিংবান্ধ নিৰ্মাণ কৰিছিল চলিত বৰ্ষতে। বালিৰে নিৰ্মাণ কৰা এই ৰিংবান্ধ কেইটা ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে আজি পুৱা প্ৰায় ৪-৩০ মান বজাত উটোৱাই নিয়াত সংকিত হৈ পৰিছে সমগ্ৰ নৈপৰিয়া ৰাইজ। বৰ্তমানে ব্ৰক্ষ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেদি বৈ থকাত ভূৰাগাঁও ৰাজহ চক্ৰই নহয় লাহৰিঘাট ৰাজহ চক্ৰৰো একাংশ গাঁও নিশাৰ ভাগতে প্লাৱিত হৈ পৰা বুলি জানিব পৰা গৈছে।তদুপৰি ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীয়ে উটোৱাই নিয়া ৰিংবান্ধটোৰ নাতিদূৰত থকা ট্ৰাই বান্ধটোৰ অৱস্থায়ো সম্প্ৰতি থৰক বৰক হৈ আছে। এই ট্ৰাই বান্ধটোও বালিয়ে নিৰ্মাণ হোৱাত বান্ধটোৰ মাজে মাজে বৃহৎ গাতৰ সৃষ্টি হৈ পৰাত নৈপৰীয়া ৰাইজ অধিক শংকিত হৈ পৰিছে। কিয়নো এই ট্ৰাই বান্ধটো চিঙি গলে মৰিগাঁও নগৰলৈও ভাবুকি কঢ়িয়াই অনা সম্ভাৱনা আছে। marn

ইফালে ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে আজি পুৱা মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাগুৰি কছাৰী গাঁৱৰ নৱনিৰ্মিত ৰিংবান্ধটো উটোৱাই নিয়াৰ পিছত স্থানীয় ৰাইজৰ ক্ষয়ক্ষতি আৰু অসুবিধাৰ বিষয়ে বুজ লয় জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া উপস্থিত থকা উক্ত পৰিদৰ্শন কালত উপায়ুক্ত ঋতুৰাজ বৰাই বন্যাৰ্ত সকলৰ অভাব অভিযোগ সমূহ বুজ লোৱাৰ লগতে সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব বুলিও দোহাৰে। 

আনহাতে মৰিগাঁও গ্ৰামোন্নয়ন অভিকৰণ আৰু জলসম্পদ বিভাগৰ দ্বাৰা ২২ শ মিটাৰ দৈঘ্য সামৰি নিৰ্মাণ কৰা নৱনিৰ্মিত ৰিংবান্ধ দুটা অতি নিম্ন মানদণ্ডৰ হোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। একমাত্ৰ ঠিকাদাৰৰ স্বাৰ্থত এই ৰিংবান্ধ দুটা কেৱল বালিৰে  নিৰ্মাণ কৰাৰ বাবে অতি সহজে ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীয়ে উটোৱাই নিবলৈ পালে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ সচেতন ৰাইজে।

Your Comments