মৃত্যুৰ ক্ষণ গণিছে নগাঁৱৰ পৰিবহণ বিভাগে: ১১ খনকৈ যাত্ৰীবাহী বাছ দীৰ্ঘদিন ধৰি পৰিত্যক্ত

transport

নগাঁৱৰ পৰা ৱাহিদুদ জামান

চৰকাৰী অৱহেলা,  মাণ্ডলিক কাৰ্যালয়টোৰ অধীক্ষককে প্ৰমুখ্যে কৰি বিষয়া-কৰ্মচাৰী সকলৰ অদক্ষতাৰ বাবেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয় আৰু আস্থানটোৰ অৱস্থা শোচনীয় হৈ পৰিছে। বিগত ২০০১ৰ পৰা ২০০৬ বৰ্ষ পৰ্যন্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ অধীনত ২৫খন নিগমৰ নিজা যাত্ৰীবাহী বাছ আৰু শতাধিক বেচৰকাৰী যাত্ৰীবাহী বাছৰ চলাচল কৰিছিল। সেই সময়ত নিগমৰ অধীনস্থ কেইবাখনো যাত্ৰীবাহী দূৰণিবটীয়া যাত্ৰীবাহী বাছো চলাচল কৰিছিল। কিন্তু সম্প্ৰতি অসম ৰাজ্যিক পৰিবহণ নিগমৰ নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ পৰা মাত্ৰ ৮-৯ খনহে নিগমৰ নিজা বাছৰ চলাচল অব্যাহত আছে। অথচ এই মাণ্ডলিক কাৰ্যালয়টোত চৰকাৰে নিযুক্তি দি থৈছে আশী জনৰো অধিক বিভিন্ন বিষয়া-কৰ্মচাৰীক। মাণ্ডলিক কাৰ্যালয়টোৰ পৰা পোৱা তথ্য অনুসৰি,  বৰ্তমান নগাঁৱস্থ অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত নিগমৰ নিজা ১৯খন যাত্ৰীবাহী বাছ আছে যদিও ইয়াৰে ১১খনেই সুদীৰ্ঘ বছৰ ধৰি সম্পূৰ্ণ বিকল হৈ পৰি আছে। মাণ্ডলিক কাৰ্যালয়ৰ চৌহদত ৰ'দ-বৰষুণত এই বাহনসমূহ পৰি থকাত এইবোৰ সম্পূৰ্ণ হ’বলৈ ধৰা পৰিলক্ষিত হৈছে। আনহাতে, সম্প্ৰতি চলাচল কৰি থকা নিগমৰ নিজা যাত্ৰীবাহী বাছ কেইখনৰো সৰহ সংখ্যকৰেই অৱস্থা মেৰামতি আৰু তত্বাৱধানৰ অভাৱত অতিশয় জৰাজীৰ্ণ হৈ পৰিছে। ফলত ৰাজ্যৰ দূৰণিবটীয়া বিভিন্ন ঠাইলৈ নিগমৰ এই যাত্ৰীবাহী বাছসমূহৰ চলাচলত ভীষণ সমস্যাই দেখা দিছে। এক প্ৰকাৰৰ নিয়মীয়া দূৰনীবটীয়া যাত্ৰীবাহী গাড়ীসমুহৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰিছে। এসময়ত নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ পৰাও নৈশ যাত্ৰীবাহী বাছৰ চলাচল হৈছিল যদিও সেয়াও ইতিমধ্যেই সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। বিশেষকৈ সক্ষম বাছৰ সংখ্যা পৰ্যাপ্ত নথকাৰ বাবে দূৰনীবটীয়া যাত্ৰীবাহী গাড়ী দুই/তিনিখনৰ ঠাইত এখনহে  চলাচল কৰিছে। যাৰ ফলত যাত্ৰীসকল চৰম সমস্যাৰ সন্মুখীন হ'বলগা হৈছে। ইমানেই নহয়, বিভাগীয় কৰ্তৃপক্ষৰ আওকনীয়া মনোভাৱৰ বাবে পৰিবহণ নিগমৰ নগাঁওস্থ বাছ আস্থানটোত যাত্ৰী সকলৰ পৰ্যাপ্ত সুবিধা নোহোৱা হৈ পৰিছে। ইয়াৰ ভিতৰত নাই যাত্ৰীসকলৰ বহাৰ সুবিধা,  শৌচালয়,  বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। একেদৰে পৰিবহণ নিগমৰ ধিঙস্থ কাৰ্যালয়টো ভূত বাংলালৈ পৰিণত হৈছে। কাৰ্যালয়টো জহিখহি গৈছে। তাত থকা দুখনমান যাত্ৰীবাহী বাছৰ অৱস্থাও তথৈবচ। ইপিনে, কামপুৰ, জখলাবন্ধা, শিলঘাট আদি ঠাইত থকা পৰিবহণ নিগমৰ কাৰ্যালয়ৰ কোনো অস্তিত্ব নোহোৱা হৈছে। অৱশ্যে পৰিবহণ নিগমৰ অধীনত কেইবাখনো বাছ চলি আছে যদিও ইয়াৰ অধিকাংশৰ অৱস্থা মেৰামতিৰ অভাৱতে জৰাজীৰ্ণ হৈ পৰিছে। শেহতীয়াকৈ ৰাজ্যিক পৰিবহণ নিগমে কেতবোৰ অত্যাধুনিক যাত্ৰীবাহী বাছৰ ব্যৱস্থা কৰিছে যদিও নগাঁৱত এখনো গাড়ী পাবলৈ নাই l

Your Comments