কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়
এয়া হল ৰঙিয়া ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথৰ দৰংগামেলাৰ এখন দলং। এই দলঙৰ তলেদি ভুটান পাহাৰৰ পৰা পানী বৈ থাকে। যোৱা দুই তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সেই দলঙৰ কাষেৰে গৰা খহি গৈ আছে। উক্ত দলঙৰ কাষেৰে যদি এনেদৰে খহনীয়া হৈ থাকে তেনেহলে ওচৰৰ দোকান-পোহাৰৰ লগতে এই দলংখনকো পানীয়ে উটুৱাই লৈ যাব। গতিকে এই খহনীয়া ৰোধৰ বাবে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় জনসাধাৰণে চৰকাৰ তথা পথ নিৰ্মাণ বিভাগৰ কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।
- Log in to post comments
- 25 views