বঙাইগাঁৱ জিলা কাৰাগাৰত  দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যৰ্সূচীৰ শুভাৰম্ভণি

bgn

বঙাইগাঁওঃ

কাৰাগাৰৰ কাৰাবন্দীসকলৰ কাৰাবাস সম্পূৰ্ণ হোৱাৰ পিছত কাৰাগাৰৰ পৰা ওলাই গৈ যাতে কোনো এটা নীতিগত আৰু সন্মানীয় জীৱিকাৰ পথ বাছি লৈ জীৱন নিৰ্বাহ কৰাৰ সুবিধা কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণে বঙাইগাঁও পলিটেকনিকৰ সহযোগত অভয়াপুৰীস্থিত জিলা কাৰাগাৰত কাৰাবন্দী সকলোৰ বাবে এক দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে । সোমবাৰৰ পৰা আৰম্ভ হোৱা এই দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী অহা সাত অক্টোবৰলৈ চলিব ৷ এই তিনিমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰাথমিক বৈদ্যুতিক কামৰ মানবিশিষ্ট কৰ্মপদ্ধতিৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে । এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ সভাপতি তথা বঙাইগাঁও জিলা সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ ছেত্ৰীয়ে ৷  অনুষ্ঠানৰ আৰম্ভণিতে বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল আৰু বঙাইগাঁও সামাজিক বনানীকৰণৰ তৰফৰ পৰা বন মহোৎসৱৰ লগত সংগতি ৰাখি কাৰাগাৰ চৌহদত ২০০ জোপা গছ পুলি ৰোপণ  কৰে ৷

ইপিনে দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰি দিয়া ভাষণত জিলা আইন সেৱা প্ৰাধিকৰণৰ সভাপতি তথা জিলা সত্ৰ ন্যায়াধীশ  বিনোদ কুমাৰ ছেত্ৰীয়ে ১৯৫৭ চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বলিউডৰ চলচিত্ৰ  ' দো-আখে বাৰ হাত' ৰ উদ্ধৃতি দি কয় যে এই ধৰণৰ প্ৰচেষ্টাৰ সহায়ত কাৰাৰুদ্ধসকলে কাৰাবাস সম্পূৰ্ণ কৰি ওলাই গৈ জীৱনৰ পৰৱৰ্তী দিনবোৰ সুন্দৰভাবে জীৱন যাপন কৰিব পাৰিব। আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে কয় যে এই দক্ষতা বিকাশৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কাৰাবন্দীসকলে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত সমাজলৈ উভতি অহাৰ বাবে ইয়াৰ জৰিয়তে এক সুন্দৰ পথ তথা সুন্দৰ সুযোগ পাব ৷ তেওঁ আকৌ কয় যে চৰকাৰেও দক্ষতা বৃদ্ধিৰ বাবে বহুতো উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰি উলিয়াইছে যদিও সেইবোৰ আৰম্ভ হওঁতে কিছু সময়ৰ আৱশ্যক হ'ব । জিলা উপায়ুক্তগৰাকীয় জিলা আইন সেৱা প্ৰাধিকৰণৰ সভাপতি তথা জিলা সত্ৰ ন্যায়াধীশ আৰু বঙাইগাঁও পলিটেকনিকৰ এই যুটীয়া প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয় যে এয়া কেৱল আৰম্ভণিহে ৷ পৰৱৰ্তী সময়ত এনেকৈয়ে আমি আৰু নতুন নতুন প্ৰকল্প সময় অনুসৰি ৰূপায়ণ কৰিম ।

অনাগত দিনত  কৃষি কৰ্মপদ্ধতি, প্লাম্বাৰিং আদিৰ দৰে বিষয়তো এনে দক্ষতা বিকাশৰ প্ৰশিক্ষণত সন্নিবিষ্ট কৰা হ'ব বুলিও কয় । অনুষ্ঠানত বঙাইগাঁও পলিটেকনিকৰ অধ্যক্ষ চক্ৰধৰ দাসে কয় যে বঙাইগাঁও পলিটেকনিক প্ৰতিষ্ঠানত কমিউনিটি উন্নয়ন আৰু প্ৰশিক্ষণ  কাৰ্যসূচীৰ অধীনত এনে পদক্ষেপ লোৱাৰ ব্যৱস্থা আছে আৰু তাৰ সুবাদতেই এই কাৰাবন্দীসকলৰ উন্নয়নৰ হকে এই আঁচনি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। ইপিনে বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব চি পি তালুকদাৰে  অনুষ্ঠানৰ সামৰণি ভাষণত কয় যে অহা ১৩ জুলাইৰ পৰা এমাহৰ বাবে কাৰাবন্দীসকলক যোগৰ প্ৰশিক্ষণ দিয়া হ'ব । তেওঁ লগতে কয় যে প্ৰথম পৰ্যায়ত কয়দীসকলৰ মাজৰ পৰা কেইজনমানকহে এই প্ৰশিক্ষণ প্ৰদান কৰা হ'ব যাতে তেওঁলোকে প্ৰশিক্ষণ লৈ বাকী বোৰক পৰৱৰ্তী সময়ত প্ৰশিক্ষণ দিব পাৰে । আইন সেৱা প্ৰাধিকৰণৰ জিলা সচিবগৰাকীয়ে আৰু কয় যে যিসকলে কাৰাগাৰৰ পৰা ওলাই গৈ চৰকাৰী ঋণলৈ ব্যবসায় কৰিব বিচাৰিব সেই সকলক তেনে সুবিধা দিয়াৰ বাবে যথা সম্ভৱপৰ চেষ্টাও জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা কৰা হ'ব । এই প্ৰশিক্ষণ কৰ্মসূচী সফল ভাবে সমাপ্ত কৰাসকলক প্ৰমাণ পত্র প্ৰদান কৰা হ'ব ।bgn2

উল্লেখ্য যে এই দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ মূল লক্ষ্য তথা উদ্দেশ্যেই হৈছে কাৰাবন্দীসকলে কাৰাবাস সমাপ্ত কৰি ওলাই গৈ কোনো এটা কৰ্মসংস্থাপনৰ পথ বাছিলৈ যাতে আগলৈ সুন্দৰ জীৱন -যাপন কৰি চলিব পাৰে তথা আকৌ সমাজৰ এক অংশ হিচাপে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি নিজকে সমাজ বৰ্জিত বুলি কৰি অহা অনুভৱৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ পথ প্ৰশস্ত কৰা। 

Your Comments