বোকাপানীৰে কদৰ্যময় হৈ পৰিছে দেহাৰকুছিৰ-বৰগাছা সংযোগী পথ

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :

বৰ্তমান বোকাপানীৰে একাকাৰ হৈ কদৰ্যময় ৰূপ ধাৰণ কৰা এটি পথ হৈছে দেহাৰকুছিৰ পৰা বৰগাছালৈ যোৱা পথ৷নলবাৰী,হাজো আৰু বৰক্ষেত্ৰী সমষ্টি স্পৰ্শ কৰা উক্ত পথৰ ক্ষেত্ৰত সমষ্টি তিনিটাৰ প্ৰতিনিধি অবহেলা কৰি থকা বুলি ৰাইজে অভিযোগ কৰিছে৷ নলবাৰী সমষ্টিৰ দেহাৰকুছি গাৱঁৰ বশিষ্ট লহকৰৰ ঘৰৰ সন্মুখৰ পৰা হাজো সমষ্টিৰ হীৰাপাৰাৰ মাজৰে বৰগাছা সংযোগী উক্ত পথছোৱা দীৰ্ঘদিনৰ পৰাই জৰাজীৰ্ণ হৈ আছে৷চৰকাৰ আহে আৰু যায়, প্ৰতিবাৰ চৰকাৰ অহাৰ পিছতেই পথটোৰ সামান্য মেৰামতি কৰি সিংহভাগ ধনেই হজম কৰি নোদোকা হৈ পৰে ঠিকাদাৰ৷ একাংশ ৰাইজৰ মতে উক্ত পথছোৱা প্ৰতিখন চৰকাৰৰ খিৰতি গাইৰ নিছিনা হৈ পৰিছে৷পথটোৰ পৰা শাসকীয় দলৰ ঠিকাদাৰ ৰূপী কৰ্মীৰ উপকাৰ হলেও বৰ্তমানলৈ ৰাইজৰ কোনো উপকাৰ অহা নাই৷ বৰ্তমান পথটোৰ অৱস্থাই ৰাইজক চিন্তিত কৰি তুলিছে৷ সেয়েহে ৰাইজে তিনি গৰাকী প্ৰতিনিধিক এবাৰ আহি স্বচক্ষে চাই যাবলৈ অনুৰোধ জনাইছে৷ পথটোৰে দিনটোত অজস্ৰ ৰাইজ,ছাত্ৰছাত্ৰীৰ আহ-যাহ চলে কিন্তু দুৰ্ভাগ্যজনক কথা যে বৰ্তমানলৈকে উক্ত পথৰ ক্ষেত্ৰত উল্লেখিত তিনি প্ৰতিনিধিয়ে কোনো গুৰুত্বই প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই৷ৰাইজে অনতিপলমে পথটোৰ উন্নয়ন কৰি যাতায়তৰ সূচল কৰাৰ দাবী জনাইছে৷

Your Comments