শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
শিৱসাগৰ ছুইমিং ছ’চাইটিৰ বুঢ়াগোহাঁই কমপ্লেক্সত ২০১৯ বৰ্ষৰ গ্ৰীষ্মকালীন ছুইমিং প্ৰশিক্ষণ আৰম্ভ হৈছে। ন-পুৰণি প্ৰায় ১৫০ গৰাকী খেলুৱৈয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে, সদ্যসমাপ্ত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত ছ’চাইটিৰ প্ৰশিক্ষাৰ্থী পাৰ্থ দত্তই ৫ টা সোণ, ১ টা ৰূপ, আৰ্হি বুঢ়াগোহাঁয়ে ২ সোণ, ১ টা ৰূপ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰ্হিয়ে বিগত বৰ্ষৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত নিজৰ গ্ৰুপত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। আনহাতে অলপতে দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কেন্দ্ৰীয় বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত ছ’চাইটিৰ আদিত্য থাপাই ৪ টা সোণ, ১টা ব্ৰঞ্জ, বাচিত আহমেদে ৩ টা সোণ আৰু ২ টা ৰূপৰ পদক অৰ্জন কৰি বিদ্যালয়ৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে। গ্ৰীষ্মকালীন এই শিৱিৰত এন আই এছ প্ৰশিক্ষক আতিকুৰ ৰহমান আৰু পলাশ বৰুৱাৰ লগতে স্থানীয় প্ৰশিক্ষক পংকজ চেতিয়া, বিধান গগৈ, লক্ষী গগৈ, অংশুমান দত্তই প্ৰশিক্ষণ প্ৰদান কৰিছে। অতুল শইকীয়াই বিশেষ নিৰাপত্তা সেৱা আগবঢ়োৱা শিবিৰটো সফলভাৱে পৰিচালিত হোৱাৰ ক্ষেত্ৰত সভাপতি যাদৱ গোস্বামীয়ে ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে।
- Log in to post comments
- 93 views