ওদালগুৰিত অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ

udalguri

ওদালগুৰিৰ প্রতিবেদক :

ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ওদালগুৰি জিলা কমিটীয়ে তেওঁলোকে কৰি অহা দাবী সমুহ পূৰণ নোহোৱাৰ প্ৰতিবাদত আজি তীব্ৰ  বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভৰ অন্তত সহকাৰী উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শিশু আৰু মহিলা কল্যাণ মন্ত্ৰালয়লৈ এখন স্মাৰক পত্ৰয়ো প্ৰেৰণ কৰে।উল্লেখযোগ্য যে ১৯৭৫ চনৰ ২ অক্টোবৰৰ পৰা কেন্দ্ৰীয় চৰকাৰ সৌজন্যত চলি থকা সংহত শিশু বিকাশ আঁচনি(আইচিডিএছ) খনে ৪৪বছৰ অতিক্ৰম কৰিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই শিতানৰ বাজেট কৰ্তন কৰা বাবে এই আচঁনিখন এতিয়া অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে।
এই আচঁনিৰ অধীনৰ পৰিপুৰক খাদ্য যোগান আঁচনি (এছ এন পি)ৰ নামত অহা বস্তুবোৰৰ বিতৰণৰ কাম স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা পৰিচালিত হৈ আছে যদিও বস্তুবোৰ চি ডি পি ও কাৰ্যালয়ৰ পৰা কেন্দ্ৰলৈ কৰ্মী সকলে নিজেই লৈ যাব লাগে কিন্তু ইয়াৰ বাবে কোনো ধৰণৰ  যাতায়তৰ খৰচ তেওঁলোকে লাভ নকৰে। 

angn
অঙ্গনাৱাড়ী কৰ্মী সকলে অভিযোগ কৰা মতে একাংশ যোগনিয়াৰে শিশু সকলৰ বাবে যোগান ধৰা এই খাদ্য সামগ্ৰীসমূহ অতি নিম্নমানৰ। খোৱাৰ অনুপযোগী চাউল দাইল আদিও যোগনিয়াৰ সকলে যোগান ধৰে বুলি অভিযোগ কৰি তেওঁলোকে পুনৰ কয় যে এইক্ষেত্ৰত কৰ্মী সকলে প্ৰতিবাদ কৰিলেও কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কৰ্তৃপক্ষই। ইফালে অঙ্গনাৱাড়ী কেন্দ্ৰবোৰত কৰ্মী আৰু সহায়িকা সকলে বৰ্তমান সময়ত ৮ঘন্টাতকৈও বেছি সময় থাকে যদিও তাৰ বিনিময়ত তেওঁলোকে উপযুক্ত মাননি নোপোৱাৰো তেওঁলোকে অভিযোগ উত্থাপিত কৰে। আনহাতে অসমৰ সৰহ সংখ্যক কেন্দ্ৰৰ অৱস্থা অতি শোচনীয় বুলি দাবী কৰি সংগঠনটোৰ নেতৃত্বই পুনৰ কয় যে এতিয়াও বহু কেন্দ্ৰ ভাড়াঘৰতে চলাই থকা হৈছে। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ভাঙি যোৱা কেন্দ্ৰবোৰৰ মেৰামতি কৰাৰ কোনো ব্যৱস্থা নকৰে বুলিও কৰ্মী সকলে আক্ষেপ প্ৰকাশ কৰে।

Your Comments