শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগৰ অধীনত চলি থকা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্য জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে বিভাগ সমূহৰ মুৰব্বী সকলৰ সৈতে মঙ্গলবাৰে এক পয্যালোচনা সভাত মিলিত হয়। অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত জোনমণি সোনোৱালৰ উপস্থিতিত উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এই সভাত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া সকলে বিভাগীয় কাম-কাজ, আঁচনি আৰু প্ৰকল্প সমূহৰ অগ্ৰগতি সম্পৰ্কে উপায়ুক্ত গৰাকীক অৱগত কৰে।
পৰ্যালোচনা কালত উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে গড়কাপ্তানী গ্ৰাম্য আৰু ৰাজ্যিক পথ বিভাগক জিলাখনৰ নিৰ্মীয়মান বাট-পথ সমূহৰ গুণগত মানদণ্ড নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ বাট-পথ সমূহ উন্নত মানৰ হলেহে দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব আৰু জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সম্ভৱ হ'ব বুলি উল্লেখ কৰে। উপায়ুক্ত গৰাকীয়ে সভাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ লগতে সমাজ কল্যাণ, শিক্ষা, কৃষি, জলসিঞ্চন, পশুপালন আদি বিভাগৰ মাজৰ সমন্বয় স্থাপনৰ দ্বাৰা এই ৰোগ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনায়। বন মহোৎসৱৰ লগত সংগতিৰাখি জিলাখনৰ সকলো চৰকাৰী বিভাগ সমূহক কাৰ্যালয় প্ৰাংগণত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণ কৰিবলৈও উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত তেওঁ সামাজিক বনানিকৰণ বিভাগক গছপুলি যোগান ধৰি সহযোগিতা আগবঢ়াবলৈ কয়। নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ বাবে ধাৰ্য কৰা ১০০ কোটি টকাৰ কামকাজৰ প্ৰাককলন প্ৰস্তুতিৰ ক্ষেত্ৰত কাৰিকৰী দিশ সমূৰ বিশ্লেষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ সহযোগিতাৰ প্রয়োজনীয়তাৰ কথাও উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে।
সভাত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত গৰাকীয়ে গড়কাপ্তানী গৃহ আৰু পথ বিভাগক স্থানীয় বৰ্ডিং খেলপথাৰৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাম-কাজ আগতীয়াকৈ আৰম্ভ কৰিবলৈ কয়। লগতে তেওঁ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জল সংৰক্ষণৰ বাবে বিভিন্ন বিভাগ যেনে: ভূমি সংৰক্ষণ, জল সম্পদ, বন আদি বিভাগক গুৰুত্বপূৰ্ণ পদক্ষেপ লবলৈও আহ্বান জনায়। তদুপৰি তেওঁ গড়কাপ্তানী গৃহ বিভাগক পৰৱৰ্তী নিৰ্মাণ কাৰ্যসমূহৰ ক্ষেত্ৰত বৰষুণৰ পানী সংৰক্ষণৰ বাবে জলাধাৰ (reservoir) আৰু বৰষুণৰ পানী পুনৰব্যৱহাৰৰ ব্যৱস্থা (rain water harvesting) আগতীয়াকৈ ৰাখিবলৈও পৰামৰ্শ আগবঢ়ায়।সভাত বিদ্যুৎ বিভাগক পাৰ্যমানে বিদ্যুৎ সৰবৰাহ নিয়মীয়া আৰু নিৰবিচ্ছিন্ন ৰাখিবলৈ আহ্বান জনোৱা হয়। বিশেষকৈ, জিলাখনৰ চিকিৎসালয় সমূহত আৰু জৰুৰীকালিন সেৱা প্ৰদানৰ ক্ষেত্ৰত বিদ্যুৎ যোগানৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈ কোৱা হয়। সভাত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত জোনমণি সোনোৱালে বন্যপ্ৰাণী আৰু মানুহৰ মাজত ক্ৰমাগত ভাবে বাঢ়ি অহা সংঘাত ৰোধৰ বাবে জিলাখনৰ বন আৰু ভূমি সংৰক্ষণ বিভাগক সংৰক্ষিত বনাঞ্চল সমূহত বহুলভাৱে বৃক্ষৰোপণ কাৰ্যসূচী গ্রহণ কৰিবলৈ আহ্বান জনায়।
সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আৱকাৰী বিভাগক জিলাখনত অবৈধ সুৰা বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ অবৈধ সুৰাৰ বিৰুদ্ধে চলি থকা অভিযান অধিক কাৰ্যকৰী আৰু ক্ষিপ্ৰতৰ কৰি তোলাৰ পোষকতা কৰি কয় এই ক্ষেত্ৰত জিলা প্ৰশাসনে সকলো প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই যাব।
- Log in to post comments
- 10 views