হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
হোজাই জিলাৰ লংকা ৰেল ষ্টেচনত বুধবাৰে সন্ধিয়া উদ্ধাৰ হয় বহু পৰিমানৰ নিচাযুক্ত টেবলেট।ৰেল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মত এটা গৰাকী বিহীনভাৱে পৰিতাক্ত অৱস্হাত থকা এটা মোনাৰ পৰা উদ্ধাৰ হয় এছ পি নামৰ নিচাযুক্ত টেবলেট খিনি |
লংকা ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে চলোৱা দৈনিক তালাচীৰ সময়ত উদ্ধাৰ কৰে উক্ত নিচাযুক্ত টেবলেট খিনি | মোনাটোৰ ভিতৰত ২৪টা পলিথিনত সৰ্বমুঠ ২৪,৮২০ টা নিচাযুক্ত টেবলেট জব্দ কৰে লংকা ৰেল আৰক্ষীয়ে | বৰ্তমানলৈকে কোনো ব্যক্তিক আটক কৰিব পৰা নাই যদিও নিচাযুক্ত টেবলেট খিনি বৰ্তমান ৰেল আৰক্ষীৰ জিম্মাত ৰাখি ঘটনাসন্দৰ্ভত লংকা ৰেল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |
- Log in to post comments
- 10 views