নলবাৰী বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলত ঠিকাদাৰ সন্থাই লগালে তলা

ll

নলবাৰীৰ পৰা হেমন্ত কলিতা


নলবাৰী জিলাৰ বেলশৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলত মঙলবাৰে  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰাম্য ঠিকাদাৰ সন্থাই৷ ই-নিবিদা কৰি থলুৱা গ্ৰাম্য  ঠিকাদাৰক প্ৰৱঞ্চনা কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰাম্য ঠিকাদাৰ সন্থাই৷জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেলশৰ সংমণ্ডলৰ মুখ্য গেটত তলা  লগাই দিয়েপ্ৰতিবাদকাৰীসকলে। 


নলবাৰীৰ বেলশৰত ১৯৮৭ চনত মুকলি কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলত বিগত সময়ত নলবাৰী জিলাৰ গ্ৰাম্য ঠিকাদাৰসকলে ঠিকা কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল,কিন্তু শেহতীয়াভাৱে এই গ্ৰাম্য ঠিকাদাৰসকলক প্ৰৱঞ্চনা কৰি ই-নিবিদাৰ জৰিয়তে  বিভাগটোৰ উচ্চ পদস্থ বিষয়া- কৰ্মচাৰীসকলে গোপন বুজাবুজিৰ জৰিয়তে বৃহৎ পুঁজিপতি ঠিকাদাৰ গোষ্ঠীক ঠিকাৰ কাম আবন্টন  দিয়াৰ চক্ৰান্ত কৰাৰ অভিযোগত মঙলবাৰে গ্ৰাম্য ঠিকাদাৰসকলে  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ  বেলশৰ সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰত তলা লগাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ 


প্ৰতিবাদীকাৰীসকলে ই-নিবিদা বাতিল কৰি গ্ৰাম্য ঠিকাদাৰসকলক ঠিকাৰ আবন্টন দিবলৈ দাবী জনাই৷এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হস্তক্ষেপ কামনা কৰে প্ৰতিবাদকাৰীসকলে।উল্লেখ্য যে শেহতীয়াভাৱে অহা  ২২ কোটি টকাৰ ঠিকাৰ কামত ই-নিবিদাৰ জৰিয়তে গ্ৰাম্য ঠিকাদাৰসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ কৰিছে ঠিকাদাৰ সন্থাই ।

Your Comments