মাজুলীৰ পৰা ৰাজীৱ পাতিৰ :
ইণ্ডিয়ান এমেচাৰ ফেডাৰেশ্যনৰ তত্বাৱধানত উত্তৰাখণ্ডত যোৱা ২৬-২৮ জুনলৈ অনুষ্ঠিত হোৱা দশম সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ মহিলা বক্সিং প্ৰতিযোগিতাত অসম দলৰ হৈ মাজুলী জেংৰাইমুখৰ অনামিকা দলেই ৫০ কেজি শাখাত সোণ আৰু ৪৬ শাখাত ৰিম্পী পেগুয়ে ৰূপৰ পদক লাভ কৰা দুয়োগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈকে মঙলবাৰে জেংৰাইমুখত বিভিন্ন দল-সংগঠনে উষ্ণ সম্বৰ্ধনা জনায়। জেংৰাইমুখ ৰাজীৱ গান্ধী প্ৰকল্পৰ মুকলি মঞ্চত ডক্টৰ ইন্দ্ৰনীল পেগুৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সমাজ কৰ্মী উদ্ধৱ দলেই । অনুষ্ঠানত সোণৰ পদক বিজয়ী অনামিকা দলে আৰু ৰূপৰ বিজয়ী ৰিম্পী পেগুক টি এম পি কে,এম এম কে জেংৰাইমুখ আঞ্চলিক সমিতি, বৰপমুৱা গাঁও উন্নয়ন সমিতি, ফিল্ড ডেভলপমেন্ট কমিটি, জেংৰাইমুখ, মাজুলী জিলা এমেচাৰ বক্সিং সংস্থা,জেংৰাইমুখ টাউন উন্নয়ন সমিতি, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আদি বিভিন্ন দল-সংগঠনৰ উপৰিও জেংৰাইমুখ অঞ্চলৰ বিভিন্ন শুভাকাংক্ষীয়ে উষ্ণ সম্বৰ্ধনা জনায় । লগতে প্ৰশিক্ষক ক্ৰমে অংকন পেগু আৰু নৱজ্যোতি কলিতাকো সম্বৰ্ধনা জনায়।
এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ক্ৰমে এম এম কে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰেমধৰ দলে,বিশিষ্ট সমাজ কৰ্মী যজ্ঞেশ্বৰ দলে,জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাইসিং দলে,বৰপমুৱা গাঁও উন্নয়ন সমিতিৰ সভাপতি মাজুন দলে, সাংবাদিক ৰাজীৱ পাতিৰ,খেলুৱৈ বিতুপন দলে আদিয়ে উপস্থিত থাকি দুয়োগৰাকী খেলুৱৈকে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । টি এম পি কে মাজুলী জিলা সমিতিৰ আলোচনী সম্পাদক জ্ঞানেন্দ্ৰ দলে,জেংৰাইমুখ আঞ্চলিক সমিতিৰ সভাপতি ৰাহুল কুম্বাং, সম্পাদক জীৱন দলে,এম এম কে জেংৰাইমুখ আঞ্চলিক সমিতিৰ সম্পাদক সদানন্দ দলে,বৰপমুৱা গাঁও উন্নয়ন সমিতিৰ সম্পাদক ভাস্কৰ পেগু তথা বিভিন্ন বিশিষ্ট নাগৰিক আজিৰ সভা খনত উপস্থিত থাকে ।
- Log in to post comments
- 7 views