শোলমাৰীত মেছপাৰা  পূৰ্ব্বাঞ্চল  ৰাভা সমাজৰ  অভিনন্দন  অনুষ্ঠান 

rava

আগিয়াৰ পৰা উৎপল ৰাভাৰ প্রতিবেদন :
গোৱালপাৰা  জিলাৰ অন্যতম  বৃহৎ সামাজিক  অনুষ্ঠান মেছপাৰা পূৰ্ব্বাঞ্চল  ৰাভা  সমাজ  আৰু  ৰাভা মহিলা  সমিতিয়ে সোমবাৰে  শোলমাৰী -  কল্যানপুৰস্হিত  ৰাজা  বীৰ  পৰশুৰাম  ৰাভা  সমূহীয়া ভৱন প্ৰাঙ্গনত  ২০১৯  বৰ্ষৰ  হাইস্কুল  আৰু উচ্চতৰ  মাধ্যমিক  শীক্ষান্ত  পৰীক্ষাত  কৃতিত্বৰে  উত্তীৰ্ণ  ছাত্ৰ - ছাত্ৰীসকলৰ  লগতে  বিভিন্ন  ক্ষেত্ৰত  মেছপাৰা পূৰ্ব্বাঞ্চল ৰাভা  সমাজলৈ গৌৰৱ কঢ়িয়াই  অনা লোক সকলকো অভিনন্দন জনায়।  rava2

 মেছপাৰা পূৰ্ব্বাঞ্চল ৰাভা সমাজৰ  সভাপতি পবিত্ৰ  ৰাভাৰ  সভাপতিত্বত  অনুষ্ঠিত  অভিনন্দন অনুষ্ঠানত  নিখিল ৰাভা  ছাত্ৰ সন্হাৰ প্ৰতিষ্ঠাপক  সভাপতি ডা: কান্তৰাম ৰাভা , বৰদামাল উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ অধ্যক্ষ হৰকান্ত নাথ ,   ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সদস্য অশোক ৰাভা  প্ৰমুখ্যে  কেবাজনো বিশিষ্ট ব্যক্তিয়ে  সম্বৰ্ধিত কৃৰ্তিমান সকলক সম্বোধি শুভেচ্ছামুলক  ভাষণ আগবঢ়ায় । সম্বৰ্ধনা অনুষ্ঠানত  সাতাইছ গৰাকী কৃৰ্তি ছাত্ৰ - ছাত্ৰীৰ লগতে  ক্ৰীড়া  ক্ষেত্ৰত গৌৰৱ কঢ়িয়াই  অনা  দুগৰাকী খেলুৱৈ  আৰু অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ  জোনালী ৰাভাক অভিনন্দন  জনোৱা হয় ।

Your Comments